আজিৰে পৰা ৰাজ্যত আৰম্ভ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশনা জাৰি কৰিলে। আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ প্রযোজ্য হ’ব ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্রক্রিয়া। আয়োগে প্ৰকাশ কৰা অনুসৰি কেৱল অসমৰ বাবে প্রযোজ্য এই বিশেষ পুনৰীক্ষণ হ’ব ভোটাৰ তালিকাৰ বাৰ্ষিক সংশোধনী আৰু বিশেষ ব্যাপক পুনৰীক্ষণৰ মাজত অৱস্থান কৰা এটা প্রক্রিয়া। অসমৰ বাবে নাগৰিকত্ব আইনৰ বিশেষ ধাৰা থকা কাৰণে ইয়াৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাত বিশেষ পুনৰীক্ষণৰ পৰা নিৰ্বাচন আয়োগে অব্যাহতি দিছিল যদিও নতুনকৈ প্রদান কৰা এই নির্দেশ বিশেষ তাৎপর্যপূর্ণ। উল্লেখ্য যে বিগত মাহত নির্বাচন আয়োগে ছত্তিশগড়, গোৱা, কেৰালা, গুজৰাট, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছিল। ইতিমধ্যে এই প্রক্রিয়া ৰাজ্যসমূহত আৰম্ভ হৈছে। মন কৰিবলগীয়া যে বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা ৰাজ্যসমূহৰ ভিতৰত তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগত ২০২৬ চনত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। আনহাতে অসমতো ২০২৬ চনত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। তাৰ পূর্বেই ভোটাৰ তালিকাৰ এই বিশেষ পুনৰীক্ষণ নির্দেশ লক্ষণীয় হৈ পৰিছে। নির্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ আৰম্ভ হ’ব বিশেষ পুনৰীক্ষণ। ১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ’ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্রক্রিয়া। আনহাতে ২২ নৱেম্বৰৰ পৰা বিএলঅ’সকলে ঘৰে ঘৰে গৈ ভোটাৰক পৰীক্ষা কৰিব। একে সময়তে ৰাজ্যৰ নির্বাচন বিভাগে ভোটকেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিব। ২৭ ডিচেম্বৰত প্রকাশ পাব খচৰা ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পাছতেই দাবী আৰু আপত্তিসমূহ ২ ফেব্ৰুৱাৰীলৈকে দাখিল কৰিব পাৰিব। আনহাতে ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ইফালে, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াক সামাজিক মাধ্যমযোগে আদৰণি জনালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমত লিখিছে- ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ নির্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম ভাৰতৰ নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে। ইয়াৰ দ্বাৰা সকলো যোগ্য নাগৰিকৰ বাবে নিকা, নৱীকৃত আৰু সঠিক নির্বাচনী তালিকা নিশ্চিত কৰাত সহায়ক হ’ব। পুনৰীক্ষণৰ কাম স্বচ্ছ আৰু সময়সীমা সম্পূৰ্ণ কৰিবলৈ অসমে আয়োগক পূর্ণ সহযোগিতা আগবঢ়াব।
