অভিমানী ৰাধা – কানাইৰ আত্মা
প্ৰাণ প্ৰতিমা বড়া,
গুৱাহাটী
শৰতৰ পূৰ্ণিমাৰ নিশাই আনে প্ৰেমৰ বতৰা ৷ আকাশে-বতাহে , মৰতৰ চৌদিশে কেৱল ৰাসৰ বন্দনা ৷ হিয়াৰ চুকেকোণে বৈ আহে স্বৰ্গীয় প্ৰেমৰ গুঞ্জন ৷ বৃন্দাবন ৰ চৌদিশে বিৰহিনী ৰাধা ব্যাকুল হয় কানাইৰ সান্নিধ্যৰ বাবে৷ এই প্ৰেম স্বৰ্গীয় ৷ স্বয়ং নাৰায়ণ স্বৰূপ শ্ৰীকৃষ্ণ আৰু লক্ষ্মীৰূপী ৰাধাৰ মানৱী ৰূপৰ মায়া মাথোঁ মায়া ৷ স্বৰ্গীয় প্ৰেমৰ কোনো পৰিভাষা নাথাকে ৷ মাথোঁ মায়াৰ সংসাৰৰ অনুভৱী অনুভৱৰ কথোপকথনেৰে আগবঢ়াব খোজা কিছু আক্ষেপ—অভিমানৰ পৰিভাষা ৷
“ কিয় কানাই ! কিয় তুমি এনে কৰিলা ?”
“ নাই… সলনি হোৱা নাই ৰাধা ৷”
“ সলনি হোৱা নাই বুলি কেনেকৈ ক’ব পাৰিলা কানাই ?”
“ কিয় তেনেকৈ কৈছা প্ৰিয়ে ৷ ইমান আক্ষেপ…! ইমান অভিমান …৷”
“ অভিমান ! মই অভিমান কৰা নাই কানাই ৷ কিন্তু… তুমি অবিহনে যে সমগ্ৰ বৃন্দাবন একেবাৰে নিৰস কানাই ৷”
“ অকল বৃন্দাবনেই নে প্ৰিয়ে ?”
“ মানে…এই যে গছ-লতা, আকাশ-বতাহ সকলোৱে যেন তোমাৰ বাবে বিৰহৰ গীত জুৰে… আৰু…”
“ আৰু কি প্ৰিয়ে…আৰু মোৰ বাবে কোনে কোনে বিৰহৰ গীত জুৰে ?”
“ ষোল্লশ গোপীয়ে তোমাৰ অনুপস্থিতিত বিৰহৰ গীত জুৰে ৷”
“ আৰু কোনে-কোনে প্ৰিয়ে ?”
“ আৰু… আৰু… এই যে সমস্ত বৃন্দাবনৰ পশু-পক্ষী, চৰাই-চিৰিকতি সকলোৱে তোমাৰ সান্নিধ্যৰ বাবে ৰৈ থাকে কানাই ৷”
“ আৰু… আৰু… কোনে প্ৰিয়ে ?”
“ না-নাই…নাই আৰু কোনো নাই ৷”
“ অভিমান কৰিছা ! মোৰ অভিমানী ৰাধা , তুমি অভিমান কৰিলে তোমাক বৰ ধুনীয়া দেখি ৷”
“ হব হব কানাই , মোক ভুলাব নালাগে ৷ ”
“ তোমাৰ সান্নিধ্যৰ বাবে আজিও ব্যাকুল মই ৰাধা ৷ মোৰ বাঁহী সুৰ আজিও আধৰুৱা ৷ তোমাৰ নূপুৰৰ গুঞ্জন অবিহনে স্তব্ধ মোৰ বাঁহীৰ সুৰ ৷ তোমাৰ সান্নিধ্যৰ অবিহনে…”
“ ইচচচচ….৷ তুমি বৰ চতুৰ কানাই ৷”
“ তুমি ৰুক্মিণীৰ পতি ৷ সকলোৱে জানে তুমি ৰুক্মিণীৰ পতি ৷ আৰু মই…..?”
“ তুমি কি ৰাধা ?”
“ মই কলংকিনী , মই বিৰহিনী ৷”
“ কোনে কয় প্ৰিয়ে তুমি কলংকিনী ?”
“ মানৱ সমাজে ৷ সকলোৱে ?”
“ তুমি ভুল ভাবিছা ৰাধা ৷ তুমি কলংকিনী নোহোৱা ৷ তুমি মোৰ উশাহ , তুমি মোৰ আত্মা ৷”
“ মিছাকৈয়ে মোক কিয় ঠগিছা কানাই ?”
“ তুমি নোহোৱাকৈ মই সম্পূৰ্ণ নহয় ৰাধা ৷ তোমাৰ — আমাৰ অস্তিত্ব আজিও বিৰাজমান ৷ ‘নিধিবন’ তাৰেই সাক্ষী নহয়জানোঁ ৰাধা !”
“ সেয়া অৱশ্যে হয় ৷ ”
“ সঁচাকৈয়ে ৰাধা..আমাৰ মিলনৰ সাক্ষী নিশাৰ মুকলি আকাশ , জোন-তৰা , নিধিবনৰ গছ-লতা আৰু… আৰু…”
“ তথাপিও মই কিয় বঞ্চিত কানাই তোমাৰ অস্তিত্বৰপৰা ?”
“ কিয় জানা প্ৰিয়ে পৃথিৱীৰ ভাৰ সম্ভালিবলৈ…, মোৰ কৰ্তব্যৰ বাবে !”
“ কিন্তু তুমি মোক , মোৰ পৰিচয়ৰপৰা কিয় বঞ্চিত কৰিলা ? মোৰ অপৰাধ কি আছিল কানাই ?”
“ তোমাৰ মাজত থাকিলে হয়তু মই নিজকে হেৰুৱাই পেলালোঁহেঁতেন ! মই মোৰ দায়িত্বৰ পৰা হয়তু আঁতৰি থাকিলোঁহেঁতেন ! তোমাৰ অবিহনে মোৰ কৰণীয়বোৰৰ পৰা হয়তো বিৰত থাকিলোঁহেঁতেন ?”
“ তুমি এইবোৰ কি কৈছা কানাই ? বুজাই কোৱাচোন ৷”
“ শুনা ৰাধা , সকলোবোৰ আগতিয়াকৈ নিৰ্ধাৰিত হৈ থাকে প্ৰিয়ে ৷ ৰুক্মিণীৰ মনোবাঞ্ছা পুৰণ আৰু শিশুপাল বধ, সত্যভামাৰ দৰ্পচূৰ্ণ ,শ্যামন্তক মণি উদ্ধাৰৰ লগতে জাম্বৱন্তীৰ সৈতে বিবাহ এই সকলোবোৰ লীলা মোৰ দ্বাৰা সমাপন হবলগীয়া আছিল ৰাধা ৷”
“ কিন্তু মোৰ পৰিচয় আজিও আধৰুৱা কানাই ৷ মোৰ পৰিচয় এয়াই যে মই কলংকিনী — মই বিৰহিনী ৷”
“ উমমহো নহয় ৷ তুমি ভুল ভাবিছা প্ৰিয়ে ৷ তুমি মোৰ আত্মা ৷”
“ ই কেনেকৈ সম্ভৱ কানাই ?”
“ মনত পেলোৱাচোন ৰাধা ! বৃন্দাবন এৰাৰ সময়ত তুমি দুখ মনেৰে মোৰ মুখখন শেষৰবাৰলৈ এবাৰ চাব বিচাৰিছিলা ! তোমাৰ মনৰ সকলো কথাই মই শুনি পাইছিলোঁ ৷ তুমি তোমাৰ মনৰ ভিতৰতে বহুত অভিমানেৰে মোক কৈছিলা… কানাই তুমি এবাৰো ঘূৰি নাচালা ! মোৰ হৃদয়ৰ সমস্ত আৱেগবোৰক গচকি-মোহাৰি তুমি তোমাৰ ৰাস্তা বাচি ল’লা ৷ মোৰ অপৰাধ ক’ত আছিল — যে মোক বিৰহিনী সজাই তুমি তোমাৰ গতিপথ সলনি কৰিলা ! সেই সময়ত তুমি বহুত আঘাত পাইছিলা ঠিক একেদৰে মোৰো হৃদয়খনে চিৎকাৰ কৰি উঠিছিল ৷ তাৰপাছত… তাৰপাছত…”
“ মোৰ মনত পৰিছে কানাই ৷ তুমি বহুত দেৰিৰ পিছত মোৰফালে এবাৰ ঘূৰি চাইছিলা ৷”
“ আৰু তেতিয়া তুমি মোৰ মাজত কি দেখা পাইছিলা ৰাধা ! এবাৰ ভালদৰে মনত পেলোৱাচোন ৷”
“ ম..ম..ই..ই মানে…. তোমাৰ মাজত নিজকে দেখা পাইছিলোঁ ৷ মোৰ এনেকুৱা লাগিছিল যে মই এখন দাপোনৰ সন্মুখত থিয় হৈ আছোঁ আৰু দাপোণখনত মোৰ প্ৰতিছব্বি দেখা পাইছিলোঁ ৷”
“ তেতিয়া তুমি কি বুজি পাইছিলা ৰাধা ? ”
“ মই নিজকে ভ্ৰম হোৱা যেন অনুভৱ কৰিছিলোঁ ৷ ক্ষন্তেক সময়ৰ বাবে মই উপলব্ধি কৰিছিলোঁ যে মোৰ সমস্ত ভালপোৱা , মোৰ আৱেগবোৰৰ বাবেই হয়তু মই ভ্ৰম দেখিছিলোঁ ৷”
“ এতিয়াও তুমি বুজি পোৱা নাই নে ৰাধা ? মই কিয় তোমাক মোৰ আত্মা বুলি কৈছোঁ ? তুমি মোৰ মাজতে বিলীন হৈ আছা ৷ আমি কায়িকভাৱে ভিন্ন যদিও আত্মিকভাৱে অভিন্ন ৷ তুমি মোৰ মাজতে বিলীন হৈ আছা ৷”
“ মই আজিও মোৰ অস্তিত্বক বিচাৰি নাপাওঁ কানাই ৷কিয় মই মোৰ মাজতেই এটি প্ৰশ্ন হৈ পৰিলোঁ কানাই ?”
“ শুনা ৰাধা ! আজিও বৃন্দাবন—নিধিবন – আকাশ-বতাহ -সমস্ত জগতত তোমাৰ মোৰ অভিন্ন অস্তিত্বক বিচাৰি পায় সকলোৱে ৷ আমাৰ ৰাসলীলা তাৰেই প্ৰমাণ নহয় জানোঁ ! বিবাহ হ’বলৈ দুটা শৰীৰৰ আৱশ্যক হয় ৰাধা ৷ আৰু তুমি মোৰ আত্মা ৷ শৰীৰ আৰু আত্মা সদায়েই এক আৰু অনন্য ৷ ৰাধা আৰু এটা কথা শুনা —মানৱ জগতত যিজনেই ৰাধা -ৰাধা বুলি তোমাক স্মৰণ কৰিব সেইজনে অনায়াসে মোৰ কৃপাদৃষ্টি লাভ কৰিব ৷ ”
“ অহহহ কানাই ৷ আজিৰপৰা মোৰ হৃদয়ৰ সমস্ত আক্ষেপ আৰু অভিমান তুমি নাইকিয়া কৰিলা । ব’লা কানাই তোমাৰ বাঁহীৰ সুৰত আৰু মোৰ নূপুৰৰ ঝংকাৰত সমস্ত জগতকে প্ৰেমৰ ভক্তিৰসেৰে জীপাল কৰাওঁ ৷”
বি:দ্ৰ: উক্ত কথোপকথনখিনি কাল্পনিক যদিও আৱেগেৰে সজাবলৈ যত্ন কৰিলোঁ ৷
