আঘোণৰ ধান প্ৰকৃততে সোণগুটিলৈ পৰিণত হ’বনে?
কমলেখ কাঞ্চন
অসমৰ কৃষকৰ আটাইতকৈ ভাল লগা মাহটোৱে হৈছে আঘোণ মাহ। আঘোণ বুলিলেই ন- খোৱা উৎসৱ আৰু খেতি পথাৰ সোণগুটিৰে উপচি থকাৰ কথাই মনলৈ আহে। আহাৰ – শাওণ মাহত কৃষকে দেখা সপোন এতিয়া বাস্তৱত পৰিণত হ’বলৈ আৰু কেইটা মান দিনহে বাকী আছে। কিন্তু কৃষকৰ এই সপোন সঁচাকৈ বাস্তৱত পৰিণত হয়নে? কিমান লাভৱান হৈছে অসমৰ কৃষক! কথাবোৰ নিশ্চয় চিন্তনীয়। এতিয়া বাতৰি কাকত, আলোচনী আদিত বিভিন্ন লেখকে অসমৰ কৃষি ভূমি কমি যোৱাৰ প্ৰসংগটো সজোৰে উত্থাপন কৰি আছে। কিন্তু চৰকাৰৰ পৰা কোনো গ্ৰহণ যোগ্য সমাধান দিয়া পৰিলক্ষিত হোৱা নাই। কৃষি ভূমি বহিৰাগতৰ হাতত বিক্ৰী কৰাৰ কথাই প্ৰায়ে বাতৰি কাকতৰ শিৰোনাম দখল কৰে। কৃষকৰ ভূমি সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্তব্য। সম্প্ৰতি অসমত ধান খেতি কৰা মানুহৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। পথাৰে আকৰ্ষণ কৰিব পৰা নাই অসমৰ কৃষকক। পথাৰত উন্নত পানী যোগান ব্যৱস্থাৰ অভাৱৰ বাবে এতিয়াও অসমৰ অধিকাংশ কৃষক বৰষুণৰ ওপৰতে নিৰ্ভৰশীল। অত্যধিক ৰাসায়নিক সাৰৰ প্ৰয়োগে খৰচৰ মাত্ৰা বৃদ্ধি কৰিছে। ধান খেতি হৈ পৰিছে ব্যয়বহুল। এবিঘা মাটি ধান খেতি কৰিবলৈ হ’লে এতিয়া প্ৰায় ৬-৭ হাজাৰ টকা খৰচ হয়। কিন্তু সেই অনুপাতে বজাৰত ধানৰ মূল্য নাই। কুনকুনি জহাৰ বাহিৰে প্ৰায় সকলো ধানেই এক হাজাৰতকৈ কম মূল্যত বিক্ৰী কৰিব লগা হয় অসমৰ কৃষকে। ধান ব্যৱসায়ীৰ পৰা জানিব পৰা মতে এইবাৰ অসমৰ কুনকুনি জহা বহি: ৰাষ্ট্ৰলৈ (ছৌডি আৰৱ) ৰপ্তানি কৰা হৈছে; ফলস্বৰূপে আশা কৰাতকৈ কৃষকে বহুত লাভবান হৈছে। কুনকুনি জহাৰ মূল্য এইবাৰ প্ৰতি মোনত ৩৭০০-৩৮০০ হৈছে (বৰ্তমান কমিছে)। যিটো পূৰ্বতকৈ দুগুণ বৃদ্ধি পাইছে। গতিকে কৃষক লাভৱান হৈছে। কিন্তু কিমান দিনলৈ লাভৱান হোৱাৰ আশাৰে থাকিব অসমৰ কৃষক? অকল জহা ধানৰ লাভেৰে অসমৰ কৃষক কেতিয়াও স্বাৱলম্বী হ’ব নোৱাৰে। জহা ধানকে ধৰি অন্য ধানৰ ক্ষেত্ৰটো মূল্যবৃদ্ধিৰ ব্যৱস্থা লওক চৰকাৰে। তেতিয়াহে প্ৰকৃতাৰ্থত আঘোণৰ ধান কৃষকৰ বাবে প্ৰকৃততে সোণগুটিলৈ পৰিণত হ’ব; অন্যথা কবিতাৰ পৃষ্ঠাতে এই বাক্যশাৰী সদায় শুৱনি হৈ থাকিব।
