শব্দহীন ব্যথাৰ সুৰ – নাচিমা য়াচমিন

Pc Unsplash

শব্দহীন ব্যথাৰ সুৰ

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

নিস্তব্ধ নিশা, বতাহজাকো স্থবিৰ
 তথাপিও মনৰ গভীৰতাত যেন এক
অদৃশ্য ধুমুহাই নিতৌ কোবাই যায়;
সকলো মানুহ উপস্থিত, তথাপিও মই একাকী,
হাঁহিৰ আৱৰণত ঢাকি ৰখা
ব্যথাৰ নিঃশব্দ অনুভৱৰ সোঁত বয়।
চিনাকী মুখবোৰত ওলমি আছে অচিন মায়া
শব্দবোৰো যেন বাৰুকৈ অচিনা,
আনন্দ দিয়া সকলো , আজি নিৰস,
মনৰ আকাশ যেন শূণ্য
অন্ধকাৰত নিমজ্জিত সন্ধ্যা।
অন্তৰত সঞ্চিত হাজাৰ প্ৰশ্ন,
উত্তৰহীন—এক নীৰৱ কাহিনীৰ জন্ম
নিজকেই আজি চিনিব নোৱাৰোঁ,
কিয় মন অচিনাকী অনুভৱত মগ্ন ?
সকলো সত্বা মিলি যেন হেৰাই যায়
অনুভূতিবোৰ  আজি ছিন্ন -বিচ্ছিন্ন।