যুগ নায়ক – ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Hindustan Times

যুগ নায়ক

ৰাজলক্ষ্মী বৰঠাকুৰ

অন্ধকাৰৰ মাজত জ্বলি উঠে আশা,
তোমাৰ সুৰতে বাজে প্ৰাণৰ বাঁহী।
নিশ্বাসে নিশ্বাসে, হৃদয়ত জুই জ্বলে,
আমাৰ চিঞৰ, “We Want Justice!” “We Want Justice!”
তোমাৰ সুৰেই দেখুৱাই পথ
হৃদয়ৰ ৰিমঝিম, আশা-প্ৰাণৰ ছন্দ,
সত্যৰ বতাহ বোৱাই, অন্ধকাৰ ভাঙে।
ন্যায় বিচাৰি আমি যাওঁ আগুৱাই,
শব্দ আৰু সুৰৰ আঁৰে আঁৰে ভাঙা অন্যায়।
অসমৰ আকাশত তুমি নক্ষত্ৰ,
ন্যায়ৰ জ্যোতি উদয় হব,
সঁচা সুৰেৰে সময়ে ক’ব,
তুমি চিৰন্তন,
নতুন পুৰুষৰ যুগ নায়ক।