তেজপুৰত ২৪জন সন্দেহযুক্ত নাগৰিক আটক 

তেজপুৰত ২৪জন সন্দেহযুক্ত নাগৰিক আটক 

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰত পুনৰ সন্দেহজনক নাগৰিক আটক। শনিবাৰে বিয়লি তেজপুৰ চহৰত সন্দেহজনকভাৱে বিচৰণ কৰি থকা ২৪জন সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰে। তেজপুৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত বয়বস্তুসহ ৰৈ থকা অৱস্থাত এইসকল লোকক দেখি একাংশ স্থানীয় লোকৰ মাজত সন্দেহ ওপজে আৰু এই বিষয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তেওঁলোকক সোধা-পোছাৰ বাবে তেজপুৰ সদৰ থানালৈ আনে। উল্লেখ্য যে তেওঁলোকে নিজকে জম্মুৰ বাসিন্দা বুলি পৰিচয় দিছে। লগতে জম্মুৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা বাছেৰে আহি তেজপুৰত উপস্থিত হয় বুলি প্রকাশ কৰিছে। আনহাতে, তেজপুৰ আৰক্ষীয়ে এইসকল লোকৰ যাৱতীয় তথ্যপাতি পৰীক্ষা কৰিছে যদিও তেওঁলোকৰ হাতত অৰুণাচল প্ৰদেশলৈ যাব পৰাকৈ প্ৰয়োজনীয় আন্তঃৰাজ্যিক পাৰপত্ৰ নথকাত এইপর্যন্ত সকলোকে তেজপুৰ সদৰ থানাতে ৰখা হৈছে। প্রণিধানযোগ্য যে অর্জুন সিং নামৰ ঠিকাদাৰে তেওঁলোকক অনা বুলি সদৰী কৰি এইসকল লোকে লগতে কয় যে অৰুণাচল প্ৰদেশৰ টেঙাত ম’বাইল টাৱাৰৰ কাম কৰিবলৈ তেওঁলোকক এইদৰে অনা হৈছে আৰু তেজপুৰত উপস্থিত হৈ ছুম’ গাড়ীৰে অৰুণাচল প্ৰদেশলৈ যোৱাৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছিল।  স্মর্তব্য যে যোৱা বৃহস্পতিবাৰেও ইটাভাতাত কাম কৰিবলৈ অহা কোচবিহাৰৰ ৮০জন লোকক তেজপুৰ কছাৰীগাঁও আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰিবলগীয়া হৈছিল।