কোকৰাঝাৰত ৩০ বিঘা ভূমিত হ’ব জুবিন গাৰ্গ উদ্যান
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মবার্ষিকী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ বিটিচি প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। কোকৰাঝাৰস্থিত গৌৰাং নৈৰ পাৰৰ এলআইচিঝাৰৰ আইটি পার্কৰ সমীপত জুবিন গাৰ্গৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি বিটিচিৰ পাঁচখন জিলাৰ পৰা ২৫ হাজাৰ শিল্পী তথা অনুৰাগীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব জুবিন গাৰ্গৰ ‘মায়াবিনী’ গীত। তদুপৰি বিটিচি প্ৰশাসনৰ উদ্যোগত প্রায় ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গ উদ্যান। উল্লেখ্য যে জুবিন গাৰ্গৰ জন্মদিনতে অর্থাৎ ১৮ নৱেম্বৰতে এলআইচিঝাৰত জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ’ব। বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিব। বিটিচি প্রশাসনৰ উদ্যোগত জাকজমকতাৰে উদযাপন কৰিবলগীয়া জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি ৫৩ডাল নাহৰ গছৰ পুলি ৰোপণ কৰা হ’ব। প্রতিদিনে পূর্ণগতিত শতাধিক শ্রমিকে ট্রেক্টৰ, জেচিবিৰে দিনে-নিশাই কাম কৰি আছে। নিৰ্মাণ হৈ আছে বিশাল মঞ্চ। ১৮ নৱেম্বৰৰ কাৰ্যসূচী অনুসৰি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে পুৱা ৯.৩০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি, ৯.৪৫ বজাত ৰক্তদান শিবিৰ, ১০.১৫ বজাত জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন, ১০.৩০ বজাত ৫৩ডাল নাহৰ গছৰ পুলি ৰোপণ, বিয়লি ২ বজাত সাংস্কৃতিক কার্যসূচী, ৩.৩০ বজাত মমবাতি প্রজ্বলন আৰু ৪ বজাত ২৫ হাজাৰ শিল্পী-অনুৰাগীৰ দ্বাৰা ‘মায়াবিনী’ গীত পৰিৱেশন কৰা হ’ব। জুবিন গাৰ্গৰ জন্মদিন আৰু উদ্যানৰ আধাৰশিলা স্থাপন উপলক্ষে কোকৰাঝাৰৰ পৰা চন্দ্ৰপাৰালৈ যোৱা গড়কাপ্টানী পথো নতুনকৈ পিটচ দিয়া হৈছে। তদুপৰি মূল ৰাস্তাৰ পৰা আইটি পার্কলৈ যোৱা ৰাস্তা-ঘাট চাফ-চিকুণ কৰাৰ লগতে পথৰ দুয়োকাষে থকা বেৰত জুবিন গাৰ্গৰ বিভিন্ন প্রতিচ্ছবি অংকন কৰা হৈছে। বেৰত লগোৱা হৈছে নতুনকৈ ৰং। সমগ্ৰ ঠাইডোখৰক নতুন ৰূপ দিয়া হৈছে। এক সংবাদ মেলত আয়োজক সমিতিৰ অধ্যক্ষ তথা বিটিচিৰ পাৰিষদ যুবিৰাজ বসুমতাৰীয়ে কয় যে ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰাৰ লগতে প্রায় ৩০ বিঘা ভূমিত জুবিন গাৰ্গ উদ্যান নিৰ্মাণ কৰা হ’ব। লগতে ১৮ নৱেম্বৰতে জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ’ব। সংবাদ মেলত যুবিৰাজ বসুমতাৰীয়ে কয় যে বিটিচিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীয়ে কথা দিয়া মতেই জুবিন গাৰ্গ উদ্যান অহা ১৮ নৱেম্বৰত অর্থাৎ মহান শিল্পী জুবিনৰ জন্মদিনটোতে উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ’ব আৰু অনুষ্ঠানৰ মূল কাৰ্যসূচীত ‘মায়াবিনী’ গীতটি গোৱা হ’ব।
