মই মত্ত
বিশ্বজিৎ মহন
ভোলা ক’লনী,শিৱসাগৰ
মই মত্ত
মাথো মত্ত,
ভোগ বিলাসত মত্ত।
কোন মই
মই নিজকে নিজে চিনি নাপাওঁ।
এক বিংশ শতিকা
মই হেনো
নিউট্ৰন ,প্ৰটন আৰু পজিট্ৰনৰ
লগত খেলা কৰো আৰু ভাবোঁ।
সৌ সিদিনাই কৈছিল —
“তোমালোক বোৰে জংঘলতহে থাকা”,
আজি মই হাই-টেক সপোনত ঘূৰি
সভ্যতাৰ পোহৰত হাঁহি ,
তথাপি অন্তৰ ঘন অন্ধকাৰ
নিজ সত্ত্বা পাহৰি,যি অনন্ত পথচাৰ।
