মেঘালয়ত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাজ্য মেঘালয়ত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে । মেঘালয়ৰ ডাউকীত ৰহস্যজনক অৱস্থাত অসমৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। নিহত লোকজন তপন দে’ বুলি জানিব পৰা গৈছে ৷ বশিষ্ঠৰ বাসিন্দা তপন দে’ নামৰ লোকজনক দুবৃৰ্ত্তই মাৰি ডাউকীৰ পেন্সুলাৰ এখন নিৰ্জন হাবিত ৰছীৰে বান্ধি ওলোমাই থয়। জানিব পৰা মতে, বশিষ্ঠৰ গণেশ নগৰৰ বাসিন্দা তপন দে’ নামৰ লোকজনে বিগত শনিবাৰে নিজা বাহনেৰে কোনো কামৰ বাবে গুৱাহাটীৰ পৰা মেঘালয়লৈ গৈছিল । কিন্তু তেওঁ যোৱাৰ এদিন পিছৰে পৰা পৰিয়ালৰ কোনো লোকে তপন দে’ৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাছিল । প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে মেঘালয়ৰ নেটৱৰ্ক বেয়া হোৱা বুলি সন্দেহ কৰি তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলি ভাবিছিল ৷ কিন্তু পিছত যেতিয়া তপন দে’ৰ সৈতে পৰিয়ালৰ লোকে একেবাৰে যোগাযোগ কৰিব পৰা নাছিল, তেতিয়া চিন্তিত হৈ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে । পিছত বুধবাৰৰ দিনটোত মেঘালয়ৰ ডাউকিৰ পেন্সুলা নামৰ ঠাইৰ এখন নিৰ্জন হাবিত হাত-ভৰি বান্ধি থোৱা অৱস্থাত মেঘালয় আৰক্ষীয়ে তপন দে’ৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে, লোকজনে লৈ যোৱা বাহনখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই । কোনে, কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে তপন দেৰ পৰিয়ালৰ লোক। আজি বিয়লিলৈ লোকজনৰ মৃতদেহ পৰিয়ালক ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব লোকজনক কোনে, কেনেকৈ আৰু কিয় হত্যা কৰিলে।
