নিজানত
মীৰা কোঁৱৰ
নিজানত বহি
নিজেই নিজকে
প্ৰশ্ন কৰোঁ
দুখ বোৰ বাঢ়ি অহা দুখতে
কিমান দিন
সহিব পাৰিম অন্য এটা দুখ
মূৰৰ পৰা ভৰিলৈকে
বগুৱা বাই ফুৰে
নিতৌ এটি এটি দুখ
শিতানত উমলি থাকি
উজাগৰে যাপন কৰিবলৈ জীৱন
বাধ্য কৰে পুনৰ অন্য এটি দুখে
মোৰ চকুলোৰ চিয়াঁহীৰে
নিজানত দুখৰ বুৰঞ্জী লিখা দেখি
গাতে গা লগাই থকা দুখবোৰে
প্ৰাণ খুলি কথা পাতে
প্ৰেমিকৰ দৰে মোৰ নিচেই কাষতে বহি
হাঁহি হাঁহি চাই থাকে মোৰ লৈকে
প্ৰশ্ন কৰে, কিমান কিমান???
চকুলোৱে কবিতা লিখিবি
নিজানত বহি নিজেই নিজৰ??
দুচকুত দেখা পাওঁ তাৰ
অযুত প্ৰশ্ন
আন্ধাৰৰ বুৰঞ্জী লিখি
অন্ত পেলাব পাৰিবি নে কেতিয়াবা।
