এটা যুগৰ অৱসান হ’ল – এছ ইছলাম

এটা যুগৰ অৱসান হ’ল 

এছ ইছলাম, শিক্ষক
  পশ্চিম মইনবৰী, বৰপেটা 

এটা যুগৰ অৱসান হ’ল
স্তব্ধ হ’ল ৰঙ্গমঞ্চ
স্তব্ধ হ’ল গাণ
অসমীয়া সংগীত জগত
টুকুৰা টুকুৰ হ’ল
অসমৰ গৌৰৱ
পাখি মেলি উৰি গ’ল
এটা যুগৰ অৱসান হ’ল।
সংগীত জগতৰ উজ্বল নক্ষত্ৰ
 অকালতে নোহোৱা হ’ল
অসমৰ হাৰ্টথ্ৰব
উভতি নহাৰ বাটেৰে
পাখি মেলি উৰি গ’ল
এটা যুগৰ অৱসান হ’ল।
   কৌটি কৌটি অনুৰাগীৰ
হৃদয় উকা কৰি
অসমৰ অমৃতকণ্ঠ
পাখি মেলি উৰি গ’ল
জীৱনৰ ৰংবোৰ নোহোৱা হ’ল
      এটা যুগৰ অৱসান হ’ল।
নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত
সাঁতুৰিব গৈ
ভাৰতৰ কণ্ঠশিল্পী
উভতি নহাৰ বাটেৰে
শয়ণ কৰিলে নীলিম সাগৰ তলিত ।
মেঘালয়ৰ তুৰাত উদয়
সুদূৰ ছিংগাপুৰত অস্ত যায়
বিশ্ববাসীক কন্দুৱাই
লুইত কণ্ঠ
পাখি মেলি উৰি গ’ল
এটা যুগৰ অৱসান হ’ল।