আধুনিক সমাজৰ নিবনুৱা সমস্যা
উদয়ন চেতিয়া
পৰীক্ষিত কোঁৱৰ
গণসংযোগ আৰু সাংবাদিকতা বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়
আজিৰ সমাজত নিবনুৱা সমস্যা কিমান বৃদ্ধি পাইছে? এই সমস্যাৰ সমাধান আছেনে? আজিৰ দিনত চাকৰি ল’বলৈ সহজ নেকি? এনে ধৰণৰ প্ৰশ্নবোৰে প্ৰায়ে মনত আমনি কৰে।
আজিৰ সমাজত নিবনুৱা সমস্যা বহু গুণে বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধি, কৰ্মসংস্থানৰ সীমিত সুযোগ আৰু প্ৰযুক্তিগত উন্নয়নৰ ফলত মানুহে নিজৰ যোগ্যতাৰ সৈতে উপযুক্ত চাকৰি পোৱাটো বৰ কঠিন হৈ পৰিছে। আগৰ দিনৰ তুলনাত চাকৰি লাভ কৰাটো অধিক প্ৰতিযোগিতাপূৰ্ণ আৰু সুযোগ সীমিত হৈ পৰিছে। যি সকলে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে নিজৰ দক্ষতা আৰু যোগ্যতাৰ আধাৰত সেই স্থান দখল কৰিছে যদিও এতিয়াও বহু ঠাইত চাকৰি প্ৰদানৰ ক্ষেত্ৰত দালালী আৰু দুর্নীতিৰ ঘটনা দেখা যায়। ফলস্বৰূপে, বহু লোকে চাকৰি নামত টকা-পইচা দিব নোৱাৰাৰ বাবে নিবনুৱা হৈ থাকিবলগীয়া অৱস্থাত আছে।
চৰকাৰে এই সমস্যাৰ সমাধান কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ উপৰিও নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ আন কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি যেনে ব্যৱসায়িক শিক্ষাৰ প্ৰসাৰ, চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰত নতুন কৰ্মসংস্থানৰ সৃষ্টি আদি। এই সকলো পদক্ষেপ সঠিকভাৱে প্ৰয়োগ হ’লে সমাজৰ পৰা নিবনুৱা সমস্যাটো উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব পৰা যাব।
আজিকালি দেখা যায় যে পিছপৰা অঞ্চলসমূহত এতিয়াও চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় বা সুযোগ লাভ কৰা হোৱা নাই। বহু শিক্ষিত ব্যক্তি যোগ্যতা থাকিলেও বৰ্তমান সময়ত চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, বহু মানুহে স্নাতকোত্তৰ বা পিএইচ.ডি. ডিগ্ৰী অৰ্জন কৰিলেও উচ্চস্তৰৰ চাকৰি লাভ কৰিব নোৱাৰাত তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰিবলগীয়া হৈছে। ইয়াৰ ফলস্বৰূপে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰিবলৈ সক্ষম লোকসকল এতিয়া নিবনুৱা হৈ পৰিছে। এই নিবনুৱা সমস্যা কিমান দিনলৈ সমাধান নোহোৱাকৈ থাকিব তাৰ কোনো নিশ্চয়তা নাই।
নপামৰ দৰে এখন গাঁৱত বহুতে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। যিসকলে চাকৰি কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে নিবনুৱা হৈ জীৱন অতিবাহিত কৰি আছে। গাঁওখনৰ প্ৰায় সকলোৰে চাকৰি নাথাকিলেও, ঘৰৰ খেতি-বাতিৰ পৰা কিছু পইচা উপাৰ্জনৰ ব্যৱস্থা আছে। মহিলাসকলকো চাকৰি কৰিবলৈ বাধা-বিঘ্ন নাই। আজিৰ দিনত মহিলাসকলে কোনো বাধা-বিঘ্ন নোহোৱাকৈ চাকৰি কৰিবলৈ আগবাঢ়ি আহিছে। আগৰ দিনত মহিলাসকলৰ বাবে ঘৰৰ বাহিৰত কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল যদিও বৰ্তমান সময়ত তেওঁলোকক নিজৰ ক্ষমতা অনুসৰি চাকৰি বা ব্যৱসায় কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে। কিন্তু নিবনুৱা সমস্যাৰ বাবে আজিৰ দিনত পুৰুষৰ লগতে মহিলাসকলো ভুক্তভোগী হ’ব লগা হৈছে। এনেকুৱা বহু লোক আছে যিসকলৰ সক্ষমতা থকাৰ উপৰিও কাম কৰিবলৈ সুযোগ লাভ কৰা নাই সেয়া পুৰুষে হওক বা মহিলাই হওক।
