ৰৈ ৰৈ বিনালে
নাছিৰ আহমেদ, শিমলাবাৰী ,গোৱালপাৰা
অৱশেষত, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গৰ যাদুকৰী হাতৰ স্পৰ্শত নিৰ্মীয়মান ” ৰৈ ৰৈ বিনালে” বোলছবিখন সুদীৰ্ঘ ৯০ বছৰৰ অসমীয়া চলচ্চিত্ৰৰ সকলো অভিলেখ ভংগ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ড গঢ়ি তেওঁৰ শোকাৱহ মৃত্যুৰ পাছত ৩১ অক্টোবৰ,২০২৫ ত অসম , উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় সকলো ছবিগৃহত মুক্তি লাভ কৰিলে। আনহাতে অহা ১০ নৱেম্বৰত পৃথিৱীৰ প্ৰায় কেইবাখন ৰাষ্ট্ৰ যেনে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড , কানাডা ,ৰাছিয়া আদি দেশতো বোলছবিখনে মুক্তি লাভ কৰিব।
এই বোলছবিখন আছিল জুবিন গাৰ্গৰ উন্নৈশ বছৰৰ পৰিকল্পনাৰে তেওঁৰ সপোনক বাস্তৱত ৰূপ লাভ কৰা (dream project) এটি সাংগীতিক মূৰ্চ্ছনাত ঝংকাৰিত হোৱা চিত্ৰ নাট্য। বোলছবিখনৰ “ৰৈ ৰৈ বিনালে” নামকৰণ ১৯৯৮ চনত জুবিন গাৰ্গৰ মুক্তি লাভ কৰা ” শব্দ ” এলবামৰ এটি জনপ্ৰিয় সংগীতৰ শিৰোনাম “ৰৈ ৰৈ বিনালে” ৰ আধাৰত ৰচিত হৈছে। ৰৈ ৰৈ বিনালে শব্দাংশটি অসমীয়া ভাষাৰ এটি শব্দযুগল ; যাৰ অৰ্থ হ’ল প্ৰিয়জনৰ বিচ্ছেদ বা বিয়োগত মৰ্মাহত হৈ হৃদয়ত তীব্ৰ মানসিক যন্ত্ৰণাবোধৰ গভীৰতা সহ্য কৰিব নোৱাৰি অশ্ৰু নিগৰাই থকা বুজায়।
এই বোলছবিখন ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ২০২৫ চনৰ ভাৰতীয় অসমীয়া সংগীতময় ৰোমান্টিক নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীভাগ লিখিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখন ” ঝিল ” ক্ৰিয়েছনছ আৰু”আই”ক্ৰিয়েছনছৰ বেনাৰত নিৰ্মিত হৈছে। ইয়াত জুবিন গাৰ্গ( এগৰাকী অন্ধ শিল্পীৰ ৰূপত ( মুখ্য চৰিত্ৰ)মৌচুমী আলিফা( নায়িকা) জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ, ৰাহুল গৌতম শৰ্মা,নীল আকাশ, যশশ্ৰী ভুঞা, ভিক্টৰ বেনাৰ্জী,জিঅ’কণ্ডা ভেচিচেলি, উজ্জ্বল ৰাজখোৱা, মিতালী ৰায়,ধৃতিমান ফুকন, আঙুৰলতা ডেকা,কৌশিক ভৰদ্বাজ, সুদৰ্শন নাথ,অনুষ্কা কাশ্যপে অভিনয় কৰিছে।
পৰিচালক:-ৰাজেশ ভূঞা,
কাহিনী :- জুবিন গাৰ্গ
চিত্ৰনাট্য:- ৰাহুল গৌতম শৰ্মা ,শান্তনু ৰৌমূৰীয়া
কাহিনী:- জুবিন গাৰ্গ
প্ৰযোজক:- জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ ,শ্যামন্তক গৌতম
বাজেট : -৫.০১ কোটি
চলচ্চিত্ৰখনৰ সংগীত পৰিচালক জুবিন গাৰ্গ। ছবিখনৰ ছাউণ্ডট্ৰেকত জুবিন গাৰ্গৰ মূল ৰচনা আৰু তেওঁ কণ্ঠ নিগৰাইছে। গীতবোৰে সমসাময়িক ব্যৱস্থাৰ সৈতে অসমীয়া সুৰৰ মিশ্ৰণ ঘটিছে। জুবিন গাৰ্গ আৰু চুইটি দাসে গোৱা প্ৰথম একক” মোৰ মন” ২০২৫ চনৰ ৭ অক্টোবৰত মুকলি কৰা হৈছিল। দ্বিতীয় একক,” সপোন সপোন” জুবিন গাৰ্গে আৰু মৰমী শৰ্মাই ২০২৫ চনৰ ১৫ অক্টোবৰত মুকলি কৰা হৈছিল। ” জোন জ্বলি” জুবিন গাৰ্গে পৰিৱেশন কৰিছে। এনেকৈ সৰ্বমুঠ ১১ টা গীতেৰে মিউজিকেল চিনেমা ” ৰৈ ৰৈ বিনালে”ত জুবিন গাৰ্গে অসমীয়া তথা ভাৰতীয় চলচ্চিত্ৰত এক নতুন ধাৰা সৃষ্টি কৰিছিল ।
” ৰৈ ৰৈ বিনালে” বোলছবিত জুবিন গাৰ্গে এজন অন্ধ শিল্পী হিচাপে অনবদ্য আৰু দুৰ্দান্ত ভাৱে অভিনয় কৰিছে ; য’ত সংগীতময় ৰূপে এক গভীৰ প্ৰেমানুভৱ স্বতঃস্ফূৰ্ত ভাৱে প্ৰবাহিত হৈছে।
সম্পূৰ্ণ কাহিনীভাগ বিশ্বৰ দৃশ্যমান বস্তুক চাক্ষুষ ভাৱে দৃষ্টিগোচৰ নোহোৱা এগৰাকী অন্ধ শিল্পী হিচাপে জুবিন গাৰ্গে কেৱল শব্দাৱলী, কল্পনাশক্তি আৰু প্ৰেমানুভূতিৰ সহায়ত প্ৰতি মুহূৰ্ত্তত উপলব্ধি কৰিছে। এই চলচ্চিত্ৰখন জুবিন গাৰ্গৰ আবেগিক প্ৰকল্প ; যিজনে এই ছবিখন পৰিচালনা,প্ৰযোজনা আৰু সংগীত সৃষ্টি কৰিছে। তেওঁ জীয়াই থাকোঁতেই ছবিখনৰ কাম প্ৰায় সম্পূৰ্ণৰূপে কৰিছিল। সেয়ে, তেওঁ আশা কৰা মতেই তেওঁ মৰাৰ পিছত ৩১ অক্টোবৰত বোলছবিখন মুক্তি দিয়া হ’ল।
ছবিখনৰ মূল কাহিনীভাগ অসমত সংঘটিত হোৱা সংঘৰ্ষৰ পাছৰ পটভূমিত ৰচিত হৈছে ; য’ত এদল শিল্পীগোষ্ঠীয়ে প্ৰেমৰ অন্তৰ্নিহিত সত্য-শিৱ -সৌন্দৰ্য আৰু ইয়াৰ স্বকীয় বৈশিষ্ট্য অনুধাৱন কৰাৰ আপ্ৰাণ চেষ্টা অবিৰত ভাৱে প্ৰকাশ হৈছে। লগতে সংঘৰ্ষ-জৰ্জৰিত পৰৱৰ্তী অসমৰ সমাজ জীৱনত শিল্পকলাৰ উদ্দেশ্য আৰু লক্ষ্যক সাৰোগত কৰি কাহিনী গঢ়ি উঠিছে। নিঃসন্দেহে এইখন এপিনে সাংগীতিক মূৰ্চ্ছনাত ঝংকাৰিত বোলছবি, আনপিনে জীৱন আৰু জগতৰ গভীৰ দৰ্শন প্ৰস্ফুটিত হৈছে। অইন অইন চলচ্চিত্ৰৰ দৰে ইয়াত গতানুগতিক কাহিনী নাই, নাই চৰিত্ৰৰ মাজত দ্বন্দ্ব আৰু সংঘাত ; আছে মাথোঁ কলাকাৰৰ ৰূপত নিৰৱিচ্ছিন্ন ভাৱে জগতত চোৱাৰ এক দুৰ্বাহ হেঁপাহ। বিশেষকৈ অন্ধ শিল্পীৰ ৰূপত মুখ্য ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গে যেন নিজৰ আত্মজীৱনীৰ আধালেখা দস্তাবেজ বোলছবিৰ মাজেৰে প্ৰকাশ কৰি গ’ল। বোলছবিখন সাগৰতে আৰম্ভ হৈছে,সাগৰতে শেষ হৈছে। শ্ৰীলংকাৰ সাগৰৰ পাৰত দৃশ্য গ্ৰহণ কৰা অন্ধ শিল্পী হিচাপে জুবিন গাৰ্গে যেতিয়া গীতৰ মাজেৰে প্ৰকাশ কৰিছে ” সাগৰৰ তলিত শুবলৈ মন” আৰু সঁচাকৈয়ে সাগৰখন বৰ ডাঙৰ, সাঁতুৰিব পাৰিম জানো? ” বাস্তৱত পৰিণত হ’ল। যোৱা ১৯ চেপ্তেম্বৰ তাৰিখে নৰ্থ-ইষ্ট ফেষ্টভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ছিংগাপুৰৰ সাগৰৰ তলিত জুবিন গাৰ্গে চিৰদিনলৈ বিলীন হৈ গ’ল।
আজি চল্লিশ দিন অতিবাহিত হোৱাৰ পিছতো এতিয়াও জুবিন গাৰ্গৰ অকাল বিয়োগৰ ৰহস্য উদ্ঘাটন নহ’ল। তেওঁৰ মৃত্যুত শোকাভিভূত হৈ পৰিছে অসম তথা ভাৰতৰ কোটি কোটি জনতা। ” ৰৈ ৰৈ বিনালে” ছবিখনত জুবিন গাৰ্গক প্ৰায় চাক্ষুস ৰূপে দেখিবলৈ পাই প্ৰতিখন ছবিগৃহৰ ভিতৰে বাহিৰে লাখ লাখ জনতাই হিয়া ঢাকুৰি কান্দিছে। সকলোৰে মুখত এষাৰ কথা – # Justice for Zubeen Garg.
