কমিটি ভাওনা – অসীম জ্যোতি দাস

Pc ASOMIYA VAUNA SANSKRITI

কমিটি ভাওনা

 অসীম জ্যোতি দাস,চৰাইবাহী, মৰিগাঁও 

শুনা শুনা চৰাইবাহীৰ কথা
ইয়াতেই আছে কমিটি ভাওনাৰ বেথা
জাতি-জনগোষ্ঠীয়ে মিলি ৰাখিছে
গুৰুজনাৰ অংকীয়া ভাওনাৰ পৰম্পৰা ।
তাহানিতে ৰাণী ভিক্ট’ৰিয়াই দিছিল
আশ্বাসৰ বাণী
দেশলৈ নামিছিল
আশাৰ ফেঁহুজালি,
সবেও জনালে তেখেতক সেৱা
চৰাইবাহীও নাথাকিল ৰৈ
কৈৱৰ্ত হীড়া তিৱা আহোম
যোগী কোচ চুতীয়াই
হাতে হাত ধৰি
 পিন্ধি লৈ একত্ৰাৰ মণি,
পাতিলে কমিটি ভাওনা খনি
ৰাণীলৈ সেৱা জনাও বুলি ।
গুৰুজনাৰ আৰ্হিৰে
ব্ৰজাৱলী ভাষাৰে
চৰাইবাহী বাসীয়ে
একে ৰাতিয়েই মঞ্চস্থ কৰে
ডেৰ কুৰি অংকীয়া ভাওনা
বিলাপ লেচাৰী পয়াৰ মুক্তাৱলী
পিতাম্বৰী স্তুতি আৰু মধ্যাৱলী
কিযে অমিয়া সুৰ
চৰাইবাহীৰ আকাশ বতাহত যেন
তাৰেই সুবাস ।
এমাহৰ আগৰে পৰাই
 নামঘৰে নামঘৰে তাৰেই প্ৰস্তুতি
অঘাসুৰ বকাসুৰৰ গুজৰণিত
 চৰাইবাহীৰ আকাশ বতাহ তাল-ফাল
ভীম জয়দথৰ গদা যুদ্ধত মেদিনী কম্পমান ।
“বেহুৰ ভিতৰে কান্দে অভিমন্যু‌ বীৰে
সপ্তৰথী বেঢ়ি মাৰে অন্যায় সমৰে”
নাৰিকল পাতৰ ৰভাই কয় পৰম্পৰাৰ কথা
একেদিনাই সকলোৱে ৰভা সাজি দেখাই ঐক্যৰ গাথা
আহিবা বান্ধৈ এইবেলি শৰতৰ পূৰ্ণিমাত
ভাও দিম দুয়ো‌ ভাৱৰীয়া হৈ
বচন মাতিম ব্ৰজাৱলী ভাষাত
“শুন ঐয়ে দুষ্ট দুৰাচাৰ মোহোৰ বচন”
এয়াই আমাৰ প্ৰাণৰো প্ৰাণৰ চৰাইবাহী,
ঐতিহাসিক কমিটি ভাওনাৰ জন্মভূমি ।