কিমান আৰু অসমীয়াৰ তেজ শোষণ কৰিব?
পাৰ্থ প্ৰতীম গগৈ
কিমান আৰু অসমীয়াৰ যুৱক যুৱতীৰ তেজ শোষণ কৰিব ? কিমান আৰু মাতৃৰ বুকু খন কাঢ়ি নিব? কিমান পৰিয়ালৰ উপাৰ্জনকাৰী ক হত্যা কৰিব? কিমান গৰাকী মহিলাৰ শিৰৰ সেন্দুৰ মোহাৰি দিব?
এজন অসমীয়া ব্যক্তি, কিন্তু তেওঁ দেশদ্ৰোহী। কিন্তু তেওঁ অসমৰ সংবাদ জগতৰ লগত , অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ লগত যিকোনো মূহুৰ্তত কথা পাতিব পাৰে। তেওঁ এজন হত্যাকাৰী, তেওঁ এজন ধৰ্ষণকাৰী। তেওঁ অসমৰ যুৱক যুৱতীৰ তেজ শোষণকাৰী একোজন ৰাক্ষস। কাৰ কথা ক’ব বিচাৰিছোঁ নিশ্চয় গম পাইছে আপোনালোকে। হাবিত কাহে উলাই নাহে বুলি উপলুঙা সূচক সাঁথৰটোৰ উত্তৰ যি জন তেওঁৰ বিষয়ে কোৱা হৈছে।
ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কবি সাহিত্যিক সমালোচক তথা এসময়ত ’আছু’ৰ দ্বাৰা নিৰ্যাতিত অধ্যাপক (SFI কৰিছিল কাৰণে) তেজপুৰৰ নিবাসী ড° যতিন বৰা ছাৰে কৈছিল – “পৰেশ বৰুৱাই কিমানৰ প্ৰাণ ল’লে হিচাপ নাই ৷ তাক এতিয়া প্ৰকৃত অসমীয়া মানুহখিনিয়ে ৰাজপথত চোঁচোৰাই পিঠি বহলাই পেলাবৰ হ’ল। ” তেতিয়া প্ৰাক্তন আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ প্ৰতাপ শ্বিং ছাৰ ( চনটো পাহৰিছোঁ ) যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক হৈ আছিল তেতিয়া অসমৰ নবপ্ৰজন্মৰ কবি সকলোৰে প্ৰিয় কবিৰঞ্জন শইকীয়া ক এনকাউণ্টাৰ কৰি যোৰহাট ৰাজপথ ৰাঙলী কৰিছিল। শশাংক বৰুৱা নামৰ এজন ভাল আলফাক পৰেশ বৰুৱা দেৱে জানো মৰা নাছিল। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিবাসী শশাংক বৰুৱাৰ পত্নী বৰ্তমান কেনে অৱস্থাত আছে পৰেশ বৰুৱা দেৱে এবাৰ খবৰ কৰিছেনে?
১৯৯০ চনৰ মে’ মাহত কৰা সুৰেন্দ্ৰ পালৰ হত্যাকাণ্ড হৈছিল তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্তৰ অসম চৰকাৰক জোঁকাৰি গৈছিল । এই হত্যাকাণ্ডৰ পাছতেই আলফাৰ বিৰূদ্ধে অপাৰেচন বজৰঙ আৰম্ভ হৈছিল। আলফাৰ সামৰিক দিৱস, ১৬ মাৰ্চ ২০০৩ চনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এখন বাছত ঘটোৱা এটা আই.ই.ডিৰ বিস্ফোৰণত ছয়জন সাধাৰণ জনতা নিহত আৰু আৰু ৫৫ জন অসমৰ অসমীয়া ব্যক্তি আহত হয় আৰু তেতিয়াৰ পৰা অসমত কিবা আন্দোলন হ’লে তেজৰ চেকা পৰে । ১৯৯১ চনত এজন ৰাচিয়ান অভিযন্তা আৰু এজন ছোভিয়েট ইউনিয়নৰ ব্যক্তিক অপহৰণ কৰি হত্যা কৰিলে। ১৯৯৭ চনত সঞ্জয় ঘোষক হত্যা কৰা হয়। আটাইতকৈ ডাঙৰ চৰকাৰী মানুহ হিচাবে আলফাই হত্যা কৰে অসম গণ পৰিষদৰ মন্ত্ৰী নগেন শৰ্মাক ২০০০ চনত। ১৯৯৭ চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত আলফাই এটা অসফল হত্যাকাণ্ডৰ চেষ্টা চলাইছিল। আলফাৰ লক্ষ্মীপথাৰত থকা জঙ্ঘলৰ মাজৰ এটা পৰিত্যক্ত কেম্পত এটা গণ কবৰ উদ্ধাৰ হয়। ইয়াৰ বাহিৰেও আলফাই চেগা-চোৰোগাকৈ চৰকাৰী প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ চলাই আহিছে। আৰু আজিৰ পৰা কেইদিনমানৰ আগত কাকপথাৰ আৰ্মী কেম্পত আলফাই গুলী বৰ্ষণ কৰে। তাৰ পাছতো কিন্তু অসম চৰকাৰে একো কৰিব নোৱাৰে। ২০০৩ চনত আলফাক অভিযুক্ত কৰা হয় অসমত থকা বিহাৰৰ শ্ৰমিক হত্যাৰ বাবে, যিটো বিহাৰৰ মাজেদি যোৱা এগৰাকী মণিপুৰী যুৱতীৰ ওপৰত কৰা উৎপীড়নৰ প্ৰতিবাদ স্বৰূপে আৰম্ভ হৈছিল। এই ঘটনাই অসমত এটা বিহাৰী বিৰোধী আবেগৰ জন্ম দিয়ে, আৰু সেই সময়তে আলফাই কেইবাটাও প্ৰজন্ম ধৰি বসবাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোককেইজনমানক হত্যা কৰে, যিটোৱে সমগ্ৰ অসমতে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু বৰ্তমানো সেই ধাৰা অক্ষুণ্ণ আছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আলফাৰ নেতা পৰেশ বৰুৱা দেৱো জড়িত আছেনি?
২০১৩ চনৰ ১০ এপ্ৰিল তাৰিখে পৰেশ বৰুৱা দেৱে এখন লিখিত পত্ৰ সামাজিক মাধ্যমত প্ৰেৰণ কৰিছিল যে – “ৰঙালী বিহু উদযাপনৰ সময়ত শিল্পীসকলক হিন্দী গীত পৰিৱেশনৰ বাবে চহী কৰা আৰু পৰিবেশনৰ পৰা বিৰত থাকিবলৈ ” আৰু আলফা ৰ এই পত্ৰ অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অনুসৰণ নকৰাৰ বাবে জুবিন গাৰ্গক হত্যাৰ ভাবুকি দিছিল পৰেশ বৰুৱা দেৱে। আৰু সেই হত্যাৰ ভাবুকি ২০২৫ চনত ছিংগাপুৰত যাওঁতে শ্যামকানু মহন্ত ৰ দৰে অশ্লীল ব্যক্তিৰ লগলাগি জুবিন গাৰ্গক হত্যা কৰিলে নি আলফা ই । এই বিষয়ে মুন্না প্ৰসাদ গুপ্তা ছাৰৰ নেতৃত্বৰ SIT য়ে জানিব।
ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ এটি বিনম্ৰ আহ্বান যে আলফা ৰ দৰে এটা নিষিদ্ধ সংগঠনক বিদায় দিয়ক চিৰদিনৰ বাবে নহ’লে অসমৰ যুৱক যুৱতী সকল নিবনুৱা ৰ সৃষ্টি হৈ আলফা লৈ ঢাপলি মেলিব। এই অসমৰ যুৱক যুৱতী সকলক জীয়াই থাকিব দিয়ক শান্তিৰে কোনো বিদ্ৰোহী কাৰ্যকলাপত অসমৰ যুৱক যুৱতী ক অস্ত্ৰ হিচাপে নলব।
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা দেৱ এতিয়াও সময় আছে নিজকে আত্মসমৰ্পন কৰক নহ’লে এদিন আপুনিও ধ্বংস হ’ব আৰু কত মাতৃৰ বুকু শুদা হ’ব আপুনি হয়তো অনুধাৱন কৰিব নোৱাৰিব। যেতিয়া আপুনি ধেমাজিৰ ১৫ আগষ্টত বোমা বৰ্ষণ কৰিছিল তেতিয়া আপোনাৰ মনটোৱে এবাৰলৈও নাকান্দিলে নে? যদি সেই বোমা বিস্ফোৰণত আপোনাৰ পৰিয়াল থাকিল হয় কেনে অনুভৱ হ’ল হয়। আজি অতবছৰৰ পৰা আপুনি আলফা লগত জড়িত হৈ অসম খনক কি দিলে, আপুনি মাথোঁ দিলে কেইটামান হত্যাকাণ্ডৰ অৱয়ব আৰু সমাজলৈ এটা বেয়া বাৰ্তা। অসমবাসীক জীয়াই থাকিব দিয়ক এয়া কাতৰ অনুৰোধ।
