আজি গুৱাহাটীৰ আকাশত বায়ুসেনাৰ বিশাল এয়াৰ শ্ব’
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত আজি উৰিব ভাৰতীয় বায়ুসেনাৰ ৭৫খন যুঁজাৰু বিমান ৷ বুঢ়া লুইতৰ বুকু উত্তাল কৰি আকাশৰ নীলা বিদীর্ণ কৰি প্ৰচণ্ড শব্দৰে ৰাফেল-তেজছ-ছুখয়ৰ দৰে অত্যাধুনিক যুদ্ধবিমানে কঁপাই তুলিব গুৱাহাটী।লাচিতঘাটত ভাৰতীয় বায়ুসেনাৰ ৯৩সংখ্যক বায়ুসেনা দিৱসৰ উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত হ’ব বিশেষ এয়াৰ শ্ব’। ইয়াৰ অংশস্বৰূপে ভাৰতীয় বায়ুসেনাৰ কেইবাখনো যুদ্ধবিমানে সম্পূৰ্ণ কৰিলে আখৰা। উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ এমআই-১৭, তেজছ, এপাছে, এএলএইচএমকে-১, ডিঅ’-২২৮, চি-২৯৫, চি-১৩০, এএন-৩২, হ’ক, জাগুৱাৰ, হার্ভার্ড, ৰাফেল আদিকে ধৰি ৭৫ খনতকৈ অধিক বিমানে আজি এয়াৰ শ্ব’ত উৰণ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব। বিগত কেইবাদিনো ধৰি মহানগৰী কঁপাই বায়ুসেনা বাহিনীয়ে আখৰা কৰাৰ পাছতে শনিবাৰে চূড়ান্ত আখৰা প্ৰদৰ্শন কৰে। শনিবাৰে দিনৰ ১২ বজাৰ পৰা লাচিতঘাটৰ আকাশত অনুষ্ঠিত চূড়ান্ত আখৰা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অগণন লোকৰ সমাগম হয়। আকাশমার্গত বিভিন্ন বিমানে আখৰা কৰাৰ সমান্তৰালকৈ লাচিতঘাটৰ অস্থায়ী চৌহদত বায়ুসেনা বাহিনীৰ জোৱানসকলেও আকর্ষণীয় পেৰেড অনুষ্ঠিত কৰে। আজি দিনৰ ১২ বজাৰ পৰা বিশেষ এয়াৰ শ্ব’ আৰম্ভ হ’ব। অত্যাধুনিক বিমানসমূহে বাগডোগ্রা, হাছিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু চাবুৱা বিমানঘাটিৰ পৰা উৰা মাৰিব। অকল আকাশমাৰ্গত দৃষ্টিনন্দন উৰণশৈলীয়ে নহয়, বায়ুসেনা দিৱসৰ দিনটোতে কাইলৈ কিংবদন্তি অসমীয়া শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্রিয় শিল্পীগৰাকীৰ ‘মায়াবিনী’ৰে এয়াৰ শ্ব’টো আকর্ষণীয় কৰি তুলি বায়ুসেনাই শ্রদ্ধাও জ্ঞাপন কৰিব। ৰাজ্যৰ নতুন প্ৰজন্মক দেশৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰতি আকর্ষিত কৰি তোলাৰ লক্ষ্যৰে এইবাৰ ভাৰতীয় বায়ুসেনাই এই পদক্ষেপ গ্ৰহণ কৰিছে। লুইতৰ বুকু উত্তাল কৰি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ ওপৰেদি ভাৰতীয় বায়ুসেনাৰ তেজছ-ৰাফেলকে ধৰি যুদ্ধবিমানসমূহে সেনা বাহিনীৰ শৌর্য-বীর্যক আকাশমাৰ্গত প্রতিধ্বনিত কৰি তুলিব। ইফালে, বায়ু সেনা বাহিনীৰ এয়াৰ শ্ব’ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত ভ্ৰমণসূচী বাতিল কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ৷ যাৰ বাবে বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’ত উপস্থিত নাথাকিব ৰাজনাথ সিং ৷ অৱশ্যে বায়ুসেনাৰ কাৰ্যসূচী পূৰ্ব নিৰ্ধাৰিত অনুসৰিয়েই অনুষ্ঠিত হ’ব ৷
