লখিমপুৰত জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাইপাৰ বিশাল জোঁৰ সমদল

লখিমপুৰত জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাইপাৰ বিশাল জোঁৰ সমদল

ৰঙিলী বাৰ্ত্তাসেৱা-  টাই আহোমসহ ছয় জনগোষ্ঠীয়ে দীর্ঘদিন ধৰি জনজাতিকৰণৰ দাবী জনাই আহিছে। যোৱা তিনিটা দশকে কোনো ৰাজনৈতিক দল বা কোনোখন চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা নল’লে। প্রত্যেকটো ৰাজনৈতিক দলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নির্বাচনী বৈতৰণী পাৰ হোৱাৰ ইছ্যু হিচাপেহে গ্রহণ কৰে। নির্বাচন পাৰ হোৱাৰ পিছত কিন্তু সেই প্রতিশ্রুতি পাহৰি যায়। এনে প্রতিশ্রুতি আৰু প্ৰতাৰণা যথেষ্ট হ’ল। তাৰ প্ৰত্যুত্তৰ দিবলৈ এই বাৰ ৰাইজ ওলাই আহিছে। ইয়াৰ আগতে আন্দোলন কৰিবলৈ কেৱল সংগঠনৰ নেতৃত্ব ওলাই আহিছিল। এই বাৰ কিন্তু হিলদল ভাঙি ৰাইজ ওলাই আহিছে। আমি এটা কথা স্পষ্ট কৰি দিছোঁ। আমি কোনো ৰাজনৈতিক দলৰ পাশা খেলৰ গুটি হৈ থাকিব নোৱাৰোঁ। -এই সকীয়নি টাই আহোম যুৱ পৰিষদ, টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীৰ। শনিবাৰে সন্ধিয়া লখিমপুৰত টাই আহোমৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত টাইপা আৰু মহিলা পৰিষদে উলিওৱা এক বিশাল জোঁৰ সমদলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে এনেদৰে কয়। দিগন্ত তামুলীয়ে  আৰু কয়, ২৫ নৱেম্বৰলৈ আমি দৃষ্টি ৰাখিছোঁ। সেই দিনা বিষয়টো কেন্দ্রলৈ যাব লাগিব। ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশন আছে। উভয় সদনতে এই বিধেয়কখন উত্থাপন কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। অন্যথা জনজাতিকৰণ নকৰাৰ বাবে যেনেদৰে আমি তৰুণ গগৈৰ চৰকাৰৰ পতন ঘটাইছিলোঁ তেনেদৰে ২০২৬ত বৰ্তমানৰ চৰকাৰৰো আমি পতন ঘটাম। তাৰ বাবে প্ৰয়োজন হ’লে আমি বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিবলৈও বাধ্য হ’ম। টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়ায়ো চৰকাৰক সকীয়াই কয়, চৰকাৰ মিছলীয়া, জনজাতিকৰণৰ নামত চৰকাৰে মিছা কথা কৈ আহিছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। মিছা কথাৰে আমাক আৰু ঠগিব নোৱাৰিব। এইবাৰ আমি শেষ সকীয়নি দিছোঁ। যদি টাই আহোমক জনজাতিকৰণ নিদিয়ে তেন্তে ২০২৬ত চৰকাৰৰ গাদী লৰিব। উল্লেখ্য যে লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত সন্ধিয়া সহস্রাধিক লোক সমৱেত হৈ জোঁৰ সমদল কৰে। সমদলটোৱে সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰে। ‘আমাক জনজাতিকৰণ লাগিবই। ন’ এছ টি, ন’ ৰেষ্ট আদি শ্লোগান দি সমদলটোৱে সমগ্ৰ নগৰখন কঁপাই তোলে। এই জোঁৰ সমদল কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সহঃ সম্পাদক প্ৰাঞ্জল বৰুৱা, কাৰ্যকৰী সদস্য যদুমণি বৰুৱা, উপ-সভাপতি দিপুল তামুলী ফুকন, জিলা সমিতিৰ সভাপতি কৈলাস গগৈ, কাৰ্যকৰী সভাপতি ৰাজু তামুলী, মহিলা পৰিষদৰ কেন্দ্রীয় সভানেত্রী মন্দিৰা চাংমাই, জিলা সম্পাদিকা অমিয়া বুঢ়াগোহাঁইসহ ভালেমান নেতৃত্বই অংশগ্রহণ কৰে।