৯৩সংখ্যক বায়ুসেনা দিৱসৰ বাবে লাচিত ঘাটত বায়ুসেনাৰ বিশেষ প্রস্তুতি
ৰঙিলী বাৰ্ত্তাসেৱা- ৯৩সংখ্যক বায়ুসেনা দিৱস উদযাপনৰ অংশ হিচাপে অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাই অনুষ্ঠিত কৰিবলগীয়া বিশেষ এয়াৰ শ্ব’ৰ আখৰা আৰম্ভ । উল্লেখ্য যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰে বিশেষ এয়াৰ শ্ব’। দেশৰ বিভিন্ন প্রান্তত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানটোৰ চলিত বছৰৰ সংস্কৰণটো অনুষ্ঠিত কৰা হ’ব গুৱাহাটী মহানগৰীত। সেইবাবে যুদ্ধকালীন প্রস্তুতিৰে গুৱাহাটীৰ লাচিত ঘাটত বায়ুসেনাই সকলো পদক্ষেপ গ্রহণ কৰিছে। লাচিত ঘাটৰ বালিচৰ অস্থায়ীভাৱে সজোৱা হৈছে বায়ুসেনাৰ বিশেষ কেম্প।

এয়াৰ শ্ব’টোৰ সৈতে সংগতি ৰাখি বায়ুসেনা বাহিনীৰ জোৱানসকলে পেৰেডো অনুষ্ঠিত কৰে। বিশেষ নাটকীয় ভংগীমাৰে পেৰেডৰ মাজতে হাতত লোৱা ৰাইফল শূন্যলৈ দলিয়াই পুনৰ সুন্দৰভাৱে সাবটি লৈ পেৰেড কৰা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে। বায়ুসেনাৰ এই আখৰা চাবলৈ লাচিত ঘাটৰ অস্থায়ী চৌহদত সমবেত হয় বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ। পেৰেডৰ মাজতে বায়ুমণ্ডল বিদীর্ণ কৰি প্ৰচণ্ড শব্দৰে ইমূৰৰ পৰা সিমূৰলৈ তীব্ৰগতিত গমন কৰা যুঁজাৰু বিমানৰ দৃশ্য প্রত্যক্ষ কৰি অভিভূত হৈ পৰিল সকলো। উল্লেখ্য যে দিনজুৰি মহানগৰীৰ আকাশমাৰ্গত ৰাফেল-তেজছৰ দৰে যুঁজাৰু বিমানে প্রচণ্ড শব্দই খলকনি তোলে। লক্ষণীয় যে অহা ৯ নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ’বলগীয়া বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’ৰ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা সেইদিনাখন অনুষ্ঠানটোত উপস্থিত থাকি বায়ুসেনাৰ এয়াৰ শ্ব’ উপভোগ কৰিব।

জানিব পৰা মতে, নতুন প্ৰজন্মক দেশৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ লক্ষ্যৰে এইবাৰ ভাৰতীয় বায়ুসেনাৰ ব্ৰহ্মপুত্ৰৰ আকাশমাৰ্গত এই আকর্ষণীয় এয়াৰ শ্ব’ৰ আয়োজন কৰিছে। প্রায় ৩ হাজাৰ দৰ্শকে এয়াৰ শ্ব’টো উপভোগ কৰিব পাৰিব। দক্ষিণপাৰে লাচিত ঘাটৰ লগতে উত্তৰপাৰৰ দুৰ্গা মন্দিৰ, অশ্বক্লান্ত মন্দিৰকে ধৰি তিনিটা স্থানত এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আমন্ত্রিত এনচিচি কেডেটৰ লগতে স্কুল-কলেজৰ ছাত্র-ছাত্রী তথা বিভিন্ন লোকে এই অনুষ্ঠান ৯ নৱেম্বৰৰ দিনা উপভোগ কৰিব। ভাৰতীয় বায়ুসেনাৰ ইষ্টার্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মাৰ্চাল সুৰত সিঙে ইতিমধ্যে এক সংবাদ মেলযোগে উল্লেখ কৰিছে যে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানত ৭৫খনতকৈও অধিক বিমানে উৰণ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব। তেজছ-ৰাফেলকে ধৰি কেইবাখনো অত্যাধুনিক বিমানে প্রথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশমাৰ্গত উৰিব। বাগডোগ্রা, হাছিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু চাবুৱা বিমান ঘাটিৰ পৰা এই বিমানসমূহে উৰা মাৰিব। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি কিংবদন্তি অসমীয়া শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই প্রিয় শিল্পীগৰাকীৰ ‘মায়াবিনী’ৰে এয়াৰ শ্ব’ আকর্ষণীয় কৰি তোলাৰ লগতে শিল্পীগৰাকীলৈ ভাৰতীয় বায়ুসেনাই শ্রদ্ধাঞ্জলি জনাব।
