‘মানুহে মানুহৰ বাবে’ হ’ব বিশ্ব মানৱতাৰ গীতঃমুখ্যমন্ত্ৰী

‘মানুহে মানুহৰ বাবে’ হ’ব বিশ্ব মানৱতাৰ গীতঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  অংশগ্ৰহণ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে সমস্বৰে পৰিৱেশন কৰা ‘মানুহে মানুহৰ বাবে’ গীতটোত কণ্ঠ নিগৰাই মুখ্যমন্ত্ৰীয়ে পৱিত্ৰ অসমভূমিৰ অমল গৌৰৱ, দেশৰ বর্ণিল সাংস্কৃতিক ইতিহাসৰ অত্যুজ্জ্বল নক্ষত্ৰগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে অসমবাসীৰ  লগতে প্রবাসী  সমীয়াসকলে নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। তেওঁ কয় যে আজি ৰাজ্যৰ ৩৫খন জিলা আৰু ২৭খন সমজিলাত ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্রদ্ধাঞ্জলি জনাবলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্র-ছাত্রী, যুৱক-যুৱতী আৰু ৰাইজ সমৱেত হৈ মানৱ শৃংখলৰ জৰিয়তে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ অমৰ সংগীতটো পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। প্রায় ২ লক্ষাধিক শিল্পী, কলা-কুশলী আৰু ৰাইজে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ পাহাৰ-ভৈয়াম সকলো স্থানতে এই গীতটো পৰিৱেশন কৰিব। তেওঁ কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ৰচনা কৰা ‘মানুহে মানুহৰ বাবে’ গীতটো কেৱল অসমৰে নহয়, ই সমগ্ৰ মানৱ জাতিৰ সম্পদ। এই গীতটো মানৱতাৰ গীত হিচাপে স্বীকৃতি লাভৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে। তেওঁ কয় যে এই গীতটো সমগ্র বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্রদান কৰাৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি আৰু অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতি লাভত বৰ্তমানৰ ৰাজ্য চৰকাৰখন যেনেদৰে সফল হ’ল, ঠিক তেনেদৰে পৰৱৰ্তী সময়ত ‘মানুহ মানুহৰ বাবে’ গীতটোলৈ ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তা প্রকাশ কৰে। এই দিশত অসম চৰকাৰে ইতিমধ্যে প্রচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ লগতে এই বাৰ দেশজুৰি ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উৎসৱ অত্যন্ত গাম্ভীর্যপূর্ণভাৱে পালন কৰা হৈছে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সুধাকণ্ঠৰ জন্ম  শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজার্ভ বেংকে প্ৰস্তুত কৰা এটা স্মৃতি মুদ্রা উন্মোচন কৰিছে। পৰৱৰ্তী পৰ্যায়ত কলকাতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত অনুৰূপধৰণে ৰাজ্য চৰকাৰে বিশাল অনুষ্ঠান আয়োজন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দিল্লীত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠান আয়োজন কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে এইবাৰ ব’হাগ বিহুক ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি স্মৰণীয় কৰি ৰাখিব বিচৰা হৈছে। বিহু সমিতিসমূহে বিহু উদযাপনৰ আটাইকেইটা নিশাৰ ভিতৰত অন্ততঃ এটা নিশা ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত যাতে পালন কৰে তাৰ বাবে ৰাজ্য চৰকাৰে এক সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে সচৰাচৰ বিহু সমিতিসমূহক প্ৰদান কৰি অহা অনুদানসমূহৰ লগত এইবেলি আৰু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ড° ভূপেন হাজৰিকাৰ গীত-মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ সৈতেও ৰাজ্য চৰকাৰে ইতিমধ্যে আলোচনা কৰিছে আৰু এইক্ষেত্রত বিহু সমিতিসমূহো আগ্রহী বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় অসম আৰু অৰুণাচলৰ ঐতিহ্যপূর্ণ সম্পর্কক সুধাকণ্ঠই আৰু অধিক শক্তিশালী কৰি তুলিছিল। সেয়েহে ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি সজীর কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে ধলা-শদিয়াস্থিত ড° ভূপেন হাজৰিকা সেতুৰ জিৰো পইণ্টত তেওঁৰ প্ৰায় ১০০ ফুট উচ্চতাৰ অধিক এটা বিশাল প্রতিমূর্তি স্থাপনৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্রহণ কৰিছে বুলি তেওঁ কয়। ইতিমধ্যে লোকনির্মাণ বিভাগে এই প্রতিমূর্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু এই প্রতিমূর্তি সমগ্র অসম আৰু অৰুণাচলৰ ৰাইজৰ সমন্বয় আৰু প্ৰেৰণাৰ প্রতীক হৈ ৰ’ব। তেওঁ কয় যে অসমৰ প্ৰতিখন চহৰত এটা পথ সজাই- পৰাই ড° ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব।  এই অনুষ্ঠানত কৃতজ্ঞ অসমবাসীৰ হৈ সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ এই গীতটোৰ জৰিয়তে একতা, সমন্বয় আৰু মানৱীয় প্ৰমূল্যবোধ নৱপ্ৰজন্মৰ মাজত যাতে আৰু অধিক শক্তিশালী হয় তাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ সফলতা কামনা কৰে। তেওঁ উল্লেখ কৰে যে অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক স্মৰণ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ‘শ্বহীদ প্রণামো তোমাক’ শীর্ষক অমৰ গীতটোৰ সৃষ্টি কৰিছিল। গুৱাহাটীস্থিত নৱনির্মিত বিশাল শ্বহীদ স্মাৰক ভৱনটোৰ শুভ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা ১০ ডিচেম্বৰত ‘শ্বহীদ প্রণামো তোমাক’ শীর্ষক গীতটোও অনুৰূপ ধৰণে ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়।