আহক আমি গুটখামুক্ত অসম গঢ় দিওঁ – পাৰ্থ প্ৰতীম গগৈ 

Pc Dr. Roshan Jain

আহক আমি গুটখামুক্ত অসম গঢ় দিওঁ

পাৰ্থ প্ৰতীম গগৈ 
যোৰহাট, টিয়ক 

তিনিআলিৰ পৰা মই যোৰহাটলৈ বুলি জোনাকী নামৰ ট্টেভেলাৰ খনত উঠিছোঁ। মানুহো নিচেই কম। এই আইতা গৰাকী মই উঠা আগৰে পৰাই উঠিছে। প্ৰথমাৱস্থাত ঠিকেই আছে খোৱাং চাৰিআলি পাৰ হোৱা পাছত এখেতে এটা SHIKHAR ৰ পেকেট উলিয়াই জৰ্দাৰ লগত মিলাই খাইছে। মই আচৰিত ৪৫ বছৰ বয়সীয়াল এগৰাকী মহিলাই গুটখা খাইছে। প্ৰকৃততে আচৰিত এই বাবেই হৈছোঁ যে মই গুটখা জাতীয় খাদ্য গ্ৰহণ নকৰাৰ বাবে হয়তো । তেওঁ চ্যুকাফা তিনিআলিৰ পৰা যোৰহাটলৈকে তিনিটা গুটখা পেকেট খাই শেষ কৰিছে। এগৰাকী ৪৫ বছৰ মহিলাই ইমানকৈ গুটখা জাতীয় খাদ্য গ্ৰহণ কৰা কিমান গ্ৰহণযোগ্যতা?

মই ভাবোঁ, বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত যি হাৰত যুৱ উচ্ছৃংখলতাৰ বৃদ্ধি হৈছে তাৰ এটা মূল কাৰণ হিচাপে মই গুটখা বা নিচাজাতীয় দ্ৰব্য সেৱন কৰা এক প্ৰধান কাৰণ বুলি ভাবোঁ। অসমত এনে এখন দোকান ( বিপণী) উলাবনে য’ত গুটখা নাই। অসমৰ ইমূৰৰপৰা সিমূৰলৈকে প্ৰতিখন দোকানত এই গুটখা জাতীয় সামগ্ৰী বিক্ৰী কৰা হয়। প্ৰতিখন দোকানত লিখা থাকে যে “১৮ বছৰ তলৰ ল’ৰা ছোৱালীক গুটখা দিয়া নহ’ব।” কিন্তু এয়া যেন নামতহে,কামত নাই। অসমৰ প্ৰতিখন সৰু – বৰ টাউন, গাঁওত বিলাতী সুৰাৰ দোকান আছে আৰু এই সুৰাৰ মালিকেও বয়স নোচোৱাকৈয়ে R.S , O.C ৰ কোৱাৰ্টাৰ, হাফ,বিয়েৰ দি দিয়ে। আজিকালি আপুনি যদি অলপ ভালদৰে লক্ষ্য কৰে তেতিয়া আপুনি আচৰিত হ’ব। বুজি পাবলৈ এখন তালিকা আগবঢ়োৱা হৈছে । এই তালিকা খনত সচৰাচৰ দেখি থকাৰ অভিজ্ঞতাৰ পৰা আনুমানিক হিচাপে বনোৱা হৈছে আৰু প্ৰতি এক শতাংশত ১০ জন ব্যক্তি হিচাপে ধৰা হৈছে।

   বয়স        –         মুঠ শতাংশ   – গ্ৰহণ কৰা – শতাংশ

১৩-১৮     –           ১০০ %       –                     ৫৭%

 ১৮ – ২৫  –           ১০০ %       –                     ৮৯%

 ২৫ – ৩২  –          ১০০ %       –                      ৮১%

 ৩২ – ৩৯  –          ১০০ %       –                     ৭৬%

 ৩৯ – ৪৩  –          ১০০ %       –                     ৭১%

 ৪৩ – ৫০  –          ১০০ %       –                     ৬৫%

৫০ – ৭০ –           ১০০ %       –                     ৫৮%

ওপৰৰ তালিকা খনৰ পৰা গম পোৱা গ’ল যে ১৩ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈকে ৫৭ % যুৱক যুৱতীয়ে গুটখা সেৱন কৰে অৰ্থাৎ ৫৭ × ১০ = ৫৭০ ব্যক্তিয়ে গ্ৰহণ কৰে আৰু বাকী ৪৩০ ব্যক্তিয়ে এই ধৰণৰ গুটখা সেৱন নকৰে। ঠিক তেনেকৈ ১৮ বছৰ বয়সৰ পৰা ২৫ বছৰ বয়সলৈকে ৮৯% অৰ্থাৎ ৮৯ × ১০ = ৮৯০ জন ব্যক্তিয়ে গ্ৰহণ কৰে আৰু ১১০ জন ব্যক্তিয়ে গ্ৰহণ নকৰে। তাৰ পাছত ২৫ – ৩২ বছৰ মাজৰ সময়ছোৱাত ৮১% অৰ্থাৎ ৮১×১০ = ৮১০ জন ব্যক্তিয়েই গুটখা সেৱন কৰে আৰু বাকী ১৯০ জনে গ্ৰহণ নকৰে। ঠিক তেনেকৈ ৩২ – ৩৯ বছৰ মাজৰ বয়সৰ ব্যক্তিৰ ৭৬ × ১০ = ৭৬০ জন ব্যক্তিয়ে গ্ৰহণ কৰে আৰু ২৪০ জন ব্যক্তিয়ে গ্ৰহণ নকৰে। তাৰ পাছত ৩৯ – ৪৩ বছৰ মাজৰ বয়সৰ ব্যক্তিৰ ৭১ × ১০ = ৭১০ জন ব্যক্তিয়ে গ্ৰহণ কৰে আৰু ২৯০ জনে গ্ৰহণ নকৰে। ৪৩ বছৰ পৰা ৫০ বছৰ বয়সৰ মাজৰ ৬৫ × ১০ = ৬৫০ জন ব্যক্তিয়ে গ্ৰহণ কৰে আৰু ৩৫০ জন ব্যক্তিয়ে গ্ৰহণ নকৰে। তাৰ পাছত ৫০ বছৰ বয়সৰ পৰা ৭০ বছৰ বয়সলৈ সৰ্বমুঠ ৫৮ × ১০ = ৫৮০ জন ব্যক্তিয়ে গ্ৰহণ কৰে আৰু ৪২০ জন ব্যক্তিয়ে গ্ৰহণ নকৰে। এতিয়া কথা হ’ল সৰ্বমুঠ ৭০০০ ব্যক্তিৰ ( ধৰি লওক এই ৭০০০ জন ব্যক্তি এটা মহকুমাৰ অন্তৰ্গত ব্যক্তি) ৪৯৭০ ( চাৰি হাজাৰ নশ সত্তৰ) জন ব্যক্তিয়ে গুটখা সেৱন কৰে আৰু বাকী ২০৩০ জন ব্যক্তিয়ে গ্ৰহণ নকৰে।

এই তালিকা খন চাই এটা কথা স্পষ্টকৈ বুজা গৈছে যে অসমৰ ৫০% তকৈও অধিক ব্যক্তিয়ে গুটখা সেৱন কৰে বা নিচা জাতীয় খাদ্য গ্ৰহণ কৰে। আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰি কৰি যেতিয়া এদিন টকাৰ অভাৱ হ’ব তেতিয়াই এই যুৱ সমাজ অনৈতিক কাৰ্যত লিপ্ত হৈ ধ্বংসৰ দিশে আগুৱাই যাব। যদি এইটো হাৰত যুৱ প্ৰজন্ম গুটখা প্ৰতি আকৰ্ষণ হয় তেন্তে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ সময় সমাগত। আপোনালোক সকলোৱে প্ৰতি এটি বিনম্ৰ অনুৰোধ যে – আপোনালোকৰ এলেকাত এই গুটখা জাতীয় খাদ্যৰ বিৰুদ্ধে মাত মাতক, সজাগতা বৃদ্ধি কৰাওক। আপোনাৰ আত্মীয়ক এনে ধৰণৰ সামগ্ৰী পৰা বিৰত কৰক। যদি আপুনি এই কাম নকৰে বা নিজেও সজাগ নহয় তেতিয়া হ’লে আপুনি এদিন ভাবিব ড° ভূপেন হাজৰিকা দেৱৰ ৰূপহী অসম, স্বৰ্গদেউ চ্যুকাফাৰ বৰ অসমৰ যুৱ প্ৰজন্মৰ অৱস্থা থৰক বৰক। এদিন এনে এটা সময় আহিব অসমৰ ব্যক্তিয়ে লাখুঁটি ল’ব লগাৰ অৱস্থাও হ’ব পাৰে।

তাৰ পাছত যুৱপ্ৰজন্ম যেতিয়া লাখুঁটি ল’ব লগাৰ অৱস্থাত পৰিব তেতিয়া পথাৰ চন পৰিব। কৃষকৰ অভাৱ হ’ব, মানুহ বোৰ এলেহুৱা হ’ব,যাৰ ফলত কৃষি কৰিবলৈ মন নোযোৱা হ’ব। আৰু তেতিয়াই সা – সামগ্ৰী, খাদ্যৰ দাম বাঢ়ি যাব আৰু তেতিয়া আন্দোলন কৰি কোনো লাভ নহ’ব। কাৰণ এই আন্দোলনৰ প্ৰধান কাৰণ আপুনিয়েই । আৰু এদিন এই চন পৰিব ধৰা মাটিবোৰ ব্যৱসায়ী সকলে তথা অনা – অসমীয়া সকলে কিনি আপোনাৰ ঠাইত আপোনাকে বুঢ়া আঙুলি দেখুওৱাবলৈও কেৰেপ নকৰিব। “হে অসমীয়া, হে দেশৰ যুৱ প্ৰজন্ম আহক আমি সকলোৱে গুটখা মুক্ত অসম গঢ় দিওঁ, সমাজলৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আমি আমাৰ কৰ্তব্য কৰি যাওঁএই সোণোৱালী অসমত, হে মোৰ জননী আই পণ লৈছোঁ আজিৰ পৰা এই অসম গুটখা মুক্ত অসম নামেৰে কৰিম নামাকৰণ, আনিম সজাগতা আৰু কেউফালে মাথোঁ শান্তি , সুখ- আনন্দৰ বাৰ্তা প্ৰেৰণ কৰিম।”