পুতলা নাচ
ৰাজলক্ষ্মী বৰঠাকুৰ
পুতলাই নাচে
টিপ টিপাই ,
ৰঙা কাপোৰ
গাত মেৰিয়াই ।
চকু দুটা
জোনাক যেন,
“মিঠা হাঁহি, সুৰে খেলে”
হাত ভৰি
ঘূৰি ঘূৰি নাচে,
পদে পদে
বাজে টুং টাং।
পুতলাৰ নাচ দেখি
ভাব হয় মনত
সময়ৰ তালে তালে নচা
আমি বোৰ মাথোঁ
মানৱ ৰূপি পুতলা।
