ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব শিল্পী দীপক শৰ্মাৰ শেষকৃত্য

ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব শিল্পী দীপক শৰ্মাৰ শেষকৃত্য

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন এক ভোটাতৰা তথা আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বিশিষ্ট বাঁহীবাদকগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । আনহাতে, দীপক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব । আনহাতে, দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে কয়, “দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি । তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ । আৰু ৰাজ্যিক মৰ্যাদাৰে আমি তেখেতৰ অন্তিম যাত্ৰাত শ্ৰদ্ধা জনাম । তেওঁৰ বাহীত মই ভাবোঁ ইমান ভাল বাঁহী বজোৱা আৰু বহু গভীৰতালৈ গৈ বাঁহী বজাব পাৰিছিল । অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা, দেশতে তেনেকুৱা শিল্পীৰ সংখ্যা বহু কম ।”