আধাতে পৰিত্যক্ত ভাৰত-অষ্ট্ৰেলিয়াৰ প্রথম টি-২০
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত কেনবেৰাত অনুষ্ঠিত প্রথমখন টি-২০ বৰষুণৰ বাবে আধাতে পৰিত্যক্ত হয়। মেচখনত বৰষুণে দুবাৰকৈ বিধি-পথালি দিয়ে। ভাৰতে ৯.১ অভাৰত ১ উইকেটত ৯৭ৰান কৰাৰ সময়তে দ্বিতীয়বাৰ বৰষুণে বিধি পথালি দিয়ে আৰু পৰৱৰ্তী সময়ত বৰষুণৰ প্ৰকোপ নকমাৰ আম্পায়াৰে মেচখন পৰিত্যক্ত ঘোষণা কৰে। পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ আজিৰ প্ৰথমখন মেচত ভাৰতে প্রথমে বেটিং কৰিবলৈ আহি শক্তিশালী আৰম্ভণি কৰে। দলীয় স্ক’ৰ ৩৫ ৰানত অভিষেক শর্মাই বিদায় লয় যদিও শুভমন গিল আৰু অধিনায়ক সূর্য কুমাৰ যাদৱে আকর্ষণীয় বেটিঙেৰে ভাৰতীয় দলক শক্তিশালী স্থিতিত উপনীত কৰাৰ সময়তে মেচখনত বৰষুণে বিধি-পথালি দিয়ে। অভিষেক শর্মাই ১৯ ৰানত বিদায় লয়। ইফালে প্রথমে বৰষুণে বিঘিনি ঘটোৱাত মেচখন ১৮ অভাৰলৈ হ্রাস কৰা হয়। ইপিনে গিল আৰু সূর্যকুমাৰে দ্বিতীয় উইকেটত ৬২ ৰান কৰাৰ সময়তে বৰষুণে বিঘিনি ঘটায়। পৰৱৰ্তী সময়ত বৰষুণৰ প্ৰকোপ নকমাত মেচখন পৰিত্যক্ত ঘোষণা কৰে। সেই সময়ত গিলে ২০টা বলত ৩৭ আৰু সূর্যকুমাৰে ২৪টা বলত ৩৯ ৰান কৰি ক্ৰিজত আছিল। শৃংখলাৰ দ্বিতীয়খন মেচ শুকুৰবাৰে অনুষ্ঠিত হ’ব।
