টি-২০ ক্ৰিকেটত অভিলেখ সূর্যকুমাৰ যাদৱৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে পাঁচখন খেলৰ টি-২০ শৃংখলা। শৃংখলাটোৰ প্ৰথমখন মেচতে এক অভিলেখ গঢ়ে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদবে। টি-২০ কেৰিয়াৰত দ্রুতগতিত ১৫০টা ছিক্সাৰ কোবাই ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে নজিৰ গঢ়ে। সূর্যকুমাৰে মাত্র ৮৬টা ইনিংছত এই মাইলষ্টনত প্ৰৱেশ কৰে। সূর্যকুমাৰৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ আনগৰাকী খেলুৱৈ হ’ল ৰোহিত শর্মা। ১১১টা ইনিংছত প্রাক্তন খেলুৱৈ ৰোহিত শর্মাই এই কৃতিত্ব অর্জন কৰিছিল। টি-২০ ক্রিকেটত দ্রুতগতিত ১৫০টা ৰান ছিক্সাৰ কোবোৱাৰ নজিৰ আছে সংযুক্ত আৰব আমিৰ শ্বাহীৰ মহম্মদ ৱাছিমৰ নামত। মাত্র ৬৬টা ইনিংছত বাছিমে এই কৃতিত্ব অৰ্জন কৰিছিল। ইফালে টি-২০ ক্রিকেটত ১৫০টা ছিক্সাৰ কোবোৱা বিশ্বৰ পঞ্চমজন বেটাৰ হিচাপে গৌৰৱ অৰ্জন কৰিছে সূর্যকুমাৰে।
