অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ সফল সামৰণি
আঠদিনত ৩০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী
মাতৃভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণে মগজুৰ সঠিক বিকাশ সাধন কৰেঃ ডাঃ ৰণোজ পেগু
গ্ৰন্থ আৰু সাহিত্য হৈছে অন্তৰাত্মাৰ অভিব্যক্তিঃ দিগন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- এলানি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ, সাহিত্য-সাংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণৰ লগতে গ্ৰন্থৰ বিমল সুবাস বিয়পাই আজি সফল সামৰণি পৰিল অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ ৷ যোৱা ২২ অক্টোবৰৰ পৰা আঠদিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত যৌথভাৱে অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাৰ আজি সামৰণী সভাৰ আয়োজন কৰা হয় ৷ ইয়াত সন্মানীয় মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে গ্ৰন্থ হৈছে জ্ঞান অৰ্জনৰ অন্যতম আধাৰ ৷ জ্ঞান চৰ্চা অবিহনে এখন সভ্য সমাজ, একোটা শক্তিশালী জাতি গঠনৰ কথা ভাবিবই নোৱাৰি ৷ পৃথিৱীৰ প্ৰতিটো সভ্যতা নিৰ্মাণত, সভ্য জাতি গঢ়ি তোলাত গ্ৰন্থৰ নিৰ্ণায়ক ভূমিকা আছে ৷ শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ যিদৰে শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন, সেইদৰে সুস্থ-সতেজ মানসিক বিকাশৰ বাবে গ্ৰন্থ অধ্যয়ন কৰাটো নিতান্তই জৰুৰী ৷ তেওঁ লগতে কয় যে কেৱল খাই-বহি থকাই জীৱন নহয় ৷ সেয়ে মানুহে চিন্তা কৰিব পাৰে ৷ বিজ্ঞান-প্ৰযুক্তিয়ে আমাৰ হাত-ভৰিৰ কাম নাইবা শাৰীৰিক শ্ৰম বহু পৰিমাণে লাঘৱ কৰিছে ৷ মগজুৱে কেৱল শ্ৰমৰ চিন্তাত ব্যস্ত থকাৰ সলনি নতুন নতুন চিন্তা কৰাৰ বাবে আহৰি পাইছে ৷ এনে চিন্তাৰ ফল কৃত্ৰিম বুদ্ধিমত্তা ৷ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ আৰু বহু কাম সহজ কৰি দিলে ৷ কিন্তু মানুহৰ চিন্তাৰ যি বুনিয়াদ, সৃষ্টি কৰ্মৰ যি বুনিয়াদ সেয়া সদায়ে থাকিব ৷ জ্ঞান আৰু প্ৰজ্ঞা হৈছে মানুহৰ সহজাত প্ৰবৃত্তি আৰু এয়া অৰ্জন কৰিব পাৰি গ্ৰন্থৰ জৰিয়তে ৷ অৰ্থাৎ পৃথিৱীৰ পৰা গ্ৰন্থ শেষ হৈ নাযায় ৷ গ্ৰন্থ বুলি ক’লেই ভাষাৰ কথাটো আহি যায় ৷ মাতৃভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণে মগজুৰ সঠিক বিকাশ সাধন কৰে ৷ পঢ়িবলৈ জনাটোও এটা কলা, এটা দক্ষতা ৷ শিক্ষকসকলে কেনেদৰে পঢ়িব লাগে সেয়া বুজাব পাৰিব লাগিব ৷ লিখা, পঢ়া, শুনা আৰু বুজা, এইবোৰৰ নিৰ্দিষ্ট পদ্ধতি আছে ৷ এয়া আয়ত্তাধীন কৰিবলৈ যত্নপৰ হোৱা উচিত ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক প্ৰশান্তি লাভ কৰাৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ সকলোৱে পঠন অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল ৷ গ্ৰন্থ আন্দোলনৰ সৈতে এই সকলোবোৰ বিষয় জৰিত হৈ আছে ৷ অসম গ্ৰন্থমেলা সফল কৰাৰ বাবে বঙাইগাঁৱবাসীক সাধুবাদ দিয়ে মন্ত্ৰী ডাঃ পেগুৱে ৷ সভাখনত বিশিষ্ট অতথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাদেমিৰ ভাষা উপদেষ্টা পৰিষদ, (অসমীয়া)ৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ভাষণত কয়—“ গ্ৰন্থমেলাই অসমৰ বৌদ্ধিক আন্দোলনক নতুন গতি প্ৰদান কৰিছে ৷ সুস্থ আৰু সঠিক যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়িবলৈ যি বাতাৱৰণৰ প্ৰয়োজন গ্ৰন্থ সংস্কৃতিয়ে সেয়া সম্ভৱ কৰি তুলিব পাৰে ৷ সেইবাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ অহা অসম গ্ৰন্থমেলা আমাৰ সমাজ-জীৱনৰ বাবে শুভসংবাদ হিচাপে বিবেচিত হৈছে ৷” তেওঁ ভাষণ প্ৰসংগত কয় যে শিশুসকলক তেওঁলোকৰ ভাল লগা কামলৈ আকৰ্ষিত কৰিব লাগে ৷ এয়া ভাৰতীয় সভ্যতাৰ মূল শিক্ষা ৷ গীতায়ো এই মাৰ্গ দেখুৱাইছে ৷ উল্লেখ আছে স্বধৰ্ম আৰু স্বকৰ্মৰ কথা ৷ সেইবাবে গীতা এখন দৰ্শন তত্বৰ অমৰ গ্ৰন্থ ৷ অভিভাৱকসকলে শিশুসকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যত্ন কৰিব লাগে ৷ সৰুৰে পৰা তেওঁলোকৰ মনত গ্ৰন্থৰ প্ৰতি ধাউতি জগাই তুলিব লাগে ৷ তেওঁ লগতে কয় যে পৃথিৱীখনক সুন্দৰ কৰিবলৈ সাহিত্যৰ প্ৰয়োজন , গ্ৰন্থৰ প্ৰয়োজন ৷ কেৱল ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, নৃতত্বই পৃথিৱীখন ধুনীয়া কৰিব নোৱাৰে ৷ ইয়াৰ বাবে প্ৰমূল্য থকা সাহিত্যৰ প্ৰয়োজন ৷ আমি চাব লাগিব আমাৰ সাহিত্যই প্ৰমূল্য হেৰুৱাইছে নেকি ? সনাতন চিন্তাৰ পৰা সাহিত্য আতৰি গৈছে নেকি ? এই কথাও আমি চিন্তা কৰিবৰ হ’ল ৷ পশ্চিমৰ পৰা আমদানি কৰা উত্তৰাধুনিক আসুৰিক দৰ্শনৰ পাছে পাছে কপিসুলভ দৌৰে আমাৰ মানৱিক সত্তাৰ বিকাশ ঘটাব নোৱাৰে ৷ সেয়ে আমি আমাৰ সাহিত্যৰ ঐতিহাসিক প্ৰমূল্য বুজি পাব লাগিব ৷ বৈদিক সাহিত্য , সংস্কৃত সাহিত্য আমাৰ ভেটি ৷ গ্ৰন্থ আৰু সাহিত্য অন্তৰাত্মাৰ অভিব্যক্তি হ’ব লাগিব ৷ ৰামায়ণ-মহাভাৰতে অন্তৰাত্মাৰ অভিব্যক্তি প্ৰকাশ কৰিছে, অতীত-বৰ্তমান-ভৱিষ্যতৰ মাৰ্গ দেখুৱাব পাৰিছে ৷ কাৰণ ইয়াত ঈশ্বৰ তত্বৰ কথা আছে, পৃথিৱীৰ কথা আছে, ব্ৰহ্মাণ্ডৰ কথা আছে ৷ সেইবাবে হাজাৰ হাজাৰ বছৰ জুৰি মহাকাব্য দুখনে অমৰত্ব অৰ্জন কৰিব পাৰিছে ৷ কিন্ত উত্তৰাধুনিক বা উত্তৰ উত্তৰাধুনিক যুগ নাম দিয়া এই কালৰ সাহিত্য পাঁচ হাজাৰ বছৰলৈ চলিবনে নাই সেয়া প্ৰমাণিত হোৱা নাই ৷ কাৰণ এই পাশ্চাত্য চিন্তাৰে সৃষ্টি কৰা মতবাদে ঈশ্বৰক দলিয়াই পেলাইছে ৷ ইয়াত ব্ৰহ্মাণ্ডৰ কথা নাই ৷ আছে কাম-বাসনাৰ স্থূল কথা ৷ আমি আমাৰ সনাতন প্ৰমূল্যৰে এনে আগ্ৰাসন ৰোধ কৰিবই লাগিব ৷ সুন্দৰ পৃথিৱী গঢ়াৰ বাবে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জোনাকী বাটৰ সন্ধান দিছে ৷ এই বাটেৰে আমি ভূপেন হাজৰিকাকো পাব পাৰো জুবিন গাৰ্গকো বিচাৰি যাব পাৰো ৷ জ্যোতিপ্ৰসাদ আগৰৱালাই দেখুৱাই দিয়া জোনাকী বাটেই সুন্দৰ পৃথিৱী গঢ়াৰ সঠিক পথ ৷ তেওঁ আৰু কয় যে কোনো দেশৰ সভ্যতা ধ্বংস কৰিবলৈ হ’লে শৈক্ষিক, পাৰিবাৰিক আৰু সাংস্কৃতিক ঐতিহ্যত আক্ৰমণ কৰিলেই হ’ল ৷ এনে আক্ৰমণে বহু দেশ ধ্বংস কৰিছে ৷ কিন্তু ভাৰতবৰ্ষৰ ঐতিহ্য এতিয়াও অক্ষুণ্ণ আছে ৷ কাৰণ আমাৰ আছে সনাতন প্ৰমূল্য, ধ্ৰুপদী সাহিত্য ৷ আন এগৰাকী বিশিষ্ট অতিথি, ইতিহাস গৱেষক, গ্ৰন্থকাৰ ড° গজেন্দ্ৰ অধিকাৰীয়ে ভাষণত কয়—“গ্ৰন্থ পঠনৰ সংস্কৃতি হৈছে সুসভ্য জাতিৰ নিদৰ্শন ৷ জ্ঞান আহৰণ কৰা আৰু জ্ঞান বিলাই সমাজক বৌদ্ধিক পোহৰেৰে আলোকিত কৰাৰ ক্ষেত্ৰত গ্ৰন্থৰ কোনো বিকল্প নাই ৷ ইতিহাস অধ্যয়ন আৰু ভৱিষ্যৎ নিৰ্মাণৰ বাবে গ্ৰন্থ হৈছে নিৰ্ভৰযোগ্য আশ্ৰয় ৷ গ্ৰন্থমেলা এক সামূহিক বৌদ্ধিক যাত্ৰা ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই যাত্ৰাক তৰান্বিত কৰিছে ৷” তেওঁ গ্ৰন্থৰ উৎপত্তিৰ বিষয়ে উল্লেখ কৰি পুনৰ কয়—“ চিত্ৰৰ জৰিয়তেও পঢ়িব পাৰি ৷ সচিত্ৰ শাস্ত্ৰ সমূহ ইয়াৰ নিদৰ্শন ৷ আখৰ চিনি নোপোৱা মানুহে সচিত্ৰ পুথি পঢ়ি কাহিনী বা অধ্যায় বুজিব পাৰে ৷ খ্ৰীষ্টিয় সপ্তম শতিকাতে কামৰূপ ৰাজ্যত এই পৰম্পৰা গঢ়ি উঠিছিল ৷ অৰ্থাৎ গ্ৰন্থ সংস্কৃতি কামৰূপৰ প্ৰাচীন সংস্কৃতি ৷ সভ্যতাৰ শিপা বিচাৰিবলৈ হ’লে গ্ৰন্থ লাগিবই ৷ এয়ে হৈছে গ্ৰন্থৰ মহত্ত্ব আৰু অমৰত্ব৷” সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বঙাইগাঁও পৌৰ সভাৰ অধ্যক্ষ সুবোধ চন্দ্ৰ দাসেও ৷ সামৰণী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ আঠদিনত বঙাইগাঁৱত প্ৰায় ৩০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰী কৰি গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাৰ বাবে বঙাইগাঁৱবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ এয়া ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ-বৰ্ষৰ প্ৰতি ৰাইজৰ আাশাব্যঞ্জক সঁহাৰি বুলি কয় সচিব কলিতাই ৷ সভাৰ আৰম্ভণিতে ৰীজা দসে এটি বৰগীত পৰিৱেশন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হয় ৷ ইপিনে গ্ৰন্থমেলাৰে সংগতি ৰাখি শিক্ষানুষ্ঠানৰ মাজত আয়োজন কৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা-বিতৰণিও অনুষ্ঠিত হয় আজি ৷ ফলাফল অনুসৰি পি এম শ্ৰী বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম , উত্তৰ-শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ে দ্বিতীয়, বঙাইগাঁৱৰ পি কে এম ইংলিছ মিডিয়াম স্কলে তৃতীয় আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে ৷
