কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতক অপমান বিজেপিৰ ২০২৬-ত কংগ্ৰেছে গঠন কৰিব ভয়মুক্ত চৰকাৰঃ গৌৰৱ গগৈ
গুৱাহাটীত মিচিং, বড়ো, বঙালী সম্প্ৰদায়ৰ শতাধিক নেতা-কৰ্মীৰ যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ত কংগ্ৰেছ চৰকাৰ অহাতো নিশ্চিত। কংগ্ৰেছ চৰকাৰ আহিলে সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু বিকাশৰ বাবে চৰকাৰে কাম কৰিব। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈ থকা সময়ত অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে যিমানখিনি কৰিছিল বৰ্তমান চৰকাৰে তাৰ তুলনাত একোৱেই কৰিব পৰা নাই। মানুহক ভয়-ভাবুকি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰ চলাইছে। আজি সাংবাদিকসকলক প্ৰশ্ন সোধাত বাৰণ কৰা হৈছে। সাংবাদিকে প্ৰশ্ন সুধিলেই মালিক কোন বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অত্যাচাৰী শাসন আমি বন্ধ কৰিম। গুৱাহাটীত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি এইদৰে কয়। মিচিং, বড়ো আৰু বঙালী সম্প্ৰদায়ৰ শতাধিক বিভিন্ন সংগঠনৰ নেতাই আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। এই যোগদানৰ তালিকাত মিচিং জনগোষ্ঠীৰ নেতা ৰাজু কুমাৰ মেদকো আছে। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি মহানন্দ সৰকাৰৰ লগতে বৰপেটা জিলাৰ পৰা অহা সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ প্ৰাক্তন নেতাইয়ো আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিশিষ্ট চিকিৎসক যদুনাথ বৰগোহাঁইয়ে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনাই সাংসদ গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটি গঠন কৰি অসমৰ বিশিষ্ট সাহিত্যিক, শিল্পী, সাংবাদিক আৰু দল-সংগঠনক ভীতিগ্ৰস্ত কৰি আহিছে। মাত্ৰ ৫ মাহৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নোহোৱা হ’ব আৰু সেইবাবে আমি তেখেতক কৈছো যে মানুহক অত্যাচাৰ কৰাৰ পৰা আঁতৰি থাকি এই সময়ছোৱাত আধৰুৱা উন্নয়নৰ কাম সম্পূৰ্ণ কৰা। কাৰণ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ৫ মাহৰ পিছত আৰু নাথাকে। সাধাৰণ মানুহৰ মাজতে তেওঁ মিলিজুলি জীয়াই থাকিব লাগিব। ইফালে, সাংসদ গৌৰৱ গগৈয়ে যোগদান কাৰ্যসূচীৰ পিছতে সাংবাদিকৰে হোৱা একডা°ডা° মুখামুখি অনুষ্ঠানত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত নিজৰ মতামত তুলি ধৰে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ উধৃতিৰ প্ৰসংগ টানি আনি বৰাক উপত্যকাৰ এখন জিলাৰ নাম সলনি কৰাৰ পক্ষে যুক্তি দিয়া শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কবিগুৰুৰ গীতকো বাংলাদেশৰ গীত বুলি কোৱা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে গগৈয়ে। বৰাক উপত্যকাৰ কংগ্ৰেছৰ এখন সভাত পৰিৱেশন কৰা এটি ৰবীন্দ্ৰ সংগীতক লৈ বিজেপি দলে অনাহক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী আৰু বিজেপি দলক ওভতি ধৰি গগৈয়ে কয়, ”যিটো গীতৰ কথা বিজেপিয়ে কৈ আছে সেইটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা এটি গীত। এই গীতটোৱে বৰাক উপত্যকা লগতে সমগ্ৰ বাংলা ভাষা-সংস্কৃতিক পৰিস্ফুট কৰি তুলিছে। বিজেপি দলে প্ৰতিটো স্থানীয় ভাষাৰ দৰেকৈ বাংলা ভাষাকো অনাদৰ-অৱহেলা কৰি আহিছে। বিজেপি দলে বঙালী লোকসকলৰ সংস্কৃতিকো অপমান কৰি আহিছে। বিজেপি দলৰ আইটি চেলে পূৰ্বেও পশ্চিমবংগৰ জনসাধাৰণক অপমান কৰিছিল। বিজেপি দলে বঙালী সমাজক উপলুঙাৰ দৃষ্টিৰে চাই আহিছে। বিজেপি দলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন আৰু আদৰ্শ, ইতিহাসকো আওকাণ কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰি আহিছে। বিজেপি দলে পশ্চিমবংগৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তত বাস কৰা বঙালী লোকসকলকো সময়ে সময়ে অত্যাচাৰ কৰি অহা দেখা গৈছে। বিজেপিয়ে অসমত বঙালী লোকসকলক ভোট বেংকৰ বাবেহে ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু আৱেগ উপলব্ধি কৰিবলৈ মুঠেই যত্ন নকৰে।’’ আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ চলি থকা এছআইটিৰ তদন্তৰ প্ৰসংগতো চৰকাৰক প্ৰশ্ন কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত এছআইটিয়ে ৰহস্য ভেদ কৰিব নোৱৰাৰ বাবে চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি মন্তব্য কৰে। এছআইটিৰ তদন্তৰ নামত সাধাৰণ লোকসকলৰ হাৰাশাস্তি নকৰিবলৈকো আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এছআইটিয়ে ৰহস্য ভেদ কৰিবলৈ তদন্ত কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক সমালোচনা কৰা লোকসকলক টাৰ্গেট কৰি লৈছে বুলিও কয় গগৈয়ে। ইফালে, যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ ভাষণত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে অসমৰ গণতন্ত্ৰপ্ৰেমী ৰাইজক ভয় নুখুৱাবলৈ মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে। কংগ্ৰেছে অহা সময়ছোৱাত সকলো ধৰ্ম, জাতি নিৰ্বিশেষে মুকলি মনেৰে কথা ক’ব পৰা এখন ভয়মুক্ত চৰকাৰ গঠন কৰিব বুলিও তেওঁ উল্লেখ কৰে। সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়েও ভাষণ প্ৰদান কৰি নতুনকৈ যোগদান কৰা বিভিন্ন জনগোষ্ঠীৰ নেতা-কৰ্মীসকলক কংগ্ৰেছ দললৈ আদৰণি জনায়। যোগদান কাৰ্যসূচীত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভাপতি মীৰা বৰঠাকুৰ, বিধায়ক দিগন্ত বৰ্মন, শিৱামণি বৰা, ভাস্কৰজ্যোতি বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগু প্ৰমুখ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে। যোগদান কাৰ্যসূচী পৰিচালনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে। এই সভাৰ পিছতে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জিলা তত্ত্বাৱধায়ক আৰু জিলা সভাপতিসকলৰ উপস্থিতিত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গুৱাহাটীস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত এই পৰ্যালোচনা সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়. সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মী। কংগ্ৰেছ দলক ৰাইজৰ মনত অধিক সবল ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে এই সভাতে ভোট চোৰ গাদী চোৰৰ বিৰুদ্ধে স্বাক্ষৰ সংগ্ৰহ অভিযান, সমষ্টিসমূহত বুথ পৰ্যায়ৰ ক্ষেত্ৰকৰ্মীৰ নিৰ্বাচন, বুথ কমিটি গঠন, ভোটাৰ তালিকা পৰ্যালোচনা আদি বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিশাৰ ভাগলৈকে এই সভাখন পৰিচালনা কৰে।
