ছাত্ৰ-ছাত্ৰীৰ বাবে অসম কবি সমাজৰ কবিতা প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অগ্ৰণী কাব্যানুষ্ঠান অসম কবি সমাজে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ (একাদশ শ্রেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণী পৰ্যন্ত) কাব্য-চৰ্চাত উদ্গনি যোগোৱাৰ উদ্দেশ্যে অসম ভিত্তিত এখনি কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ইচ্ছুক প্ৰতিযোগীয়ে ইতিমধ্যে কোনো মাধ্যমত প্ৰকাশ নোহোৱা এটি স্ব-ৰচিত কবিতাৰে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ নিজা পৰিচয় পত্ৰ(Identity Card)ৰ প্ৰতিলিপিৰ লগতে কবিতাটো অপ্ৰকাশিত আৰু স্ব-ৰচিত বুলি স্ব-স্বাক্ষৰিত প্ৰমাণপত্ৰ অহা ৩০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ phukan.rajeeb @ gmail .com বা bornaliborah009 @gmail.com. যিকোনো এটা e-mail লৈ পঠাব লাগিব৷প্ৰথম পুৰস্কাৰ-অংকিতা বৰুৱাৰ সোঁৱৰণত নগদ ৫০০০/-টকা ৷দাতা অৰূপধৰ বৰুৱা৷ দ্বিতীয় পুৰস্কাৰ—কবি অতুল শৰ্মাৰ সোঁৱৰণত নগদ ৪০০০/ টকা ,দাতা পৰিয়ালবৰ্গ তৃতীয় পুৰস্কাৰ -ৰানু শৰ্মা বৰুৱাৰ সোঁৱৰণত ৩০০০/টকা ,দাতা ৰীতামণি শৰ্মা উদগনি পুৰস্কাৰ -জাহ্নৱী মহন্তৰ সোঁৱৰণত নগদ ২০০০/টকা ,দাতা মিনতি মহন্ত ।পুৰস্কাৰ সমুহ অসম কবি সমাজৰ ডিচেম্বৰ ২৫ত অনুষ্ঠিত হ’বলগীয়া মধ্যকালীন অধিবেশনত প্ৰদান কৰা হ’ব বুলি সম্পাদক প্ৰধান বৰ্ণালী বৰা বৈশ্যই জানিবলৈ দিছে৷
