ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ‘ৰৈ ৰৈ বিনালে’ৰ পৰা লাভ কৰা কৰৰ ৰাজ্যৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে যে কেবিনেটে অসমৰ বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ আৰ্থিক সাহায্যৰে ২২০৫.৭৫ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰায় ১৩খন জিলাক সামৰি ৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম-কাজ, ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ, ১৭.৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত প্ৰচলিউচন কাম-কাজ হাতত লোৱা হ’ব। আনহাতে, এই প্ৰকল্পৰ অধীনত বান-খহনীয়াত ব্রহ্মপুত্ৰত জাহ যোৱা ভূমি পুনৰুদ্ধাৰৰো পদক্ষেপ লোৱা হ’ব। কেবিনেট বৈঠকে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চলচ্চিত্র ‘ৰৈ ৰৈ বিনালে’ প্ৰদৰ্শনৰ বাবদ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা জিএছটিৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া অংশৰ সমুদায় ধন শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনক প্ৰদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, “অসম চৰকাৰে কোনো চিনেমাৰ আমোদ কৰ নলয় । চিনেমাৰ টিকটৰ বিনিময়ত ভাৰত চৰকাৰে জি এছ টি লয় । ১০০ টকাৰ ওপৰৰ টিকটত ১৮ শতাংশ আৰু ১০০ টকাৰ তলত টিকটত ৫ শতাংশ জি এছ টি লয় । এমাহ পাছত ভাৰত চৰকাৰে অসম চৰকাৰক জি এছ টিৰ আধা ঘূৰাই দিয়ে । জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ভাৰত চৰকাৰে ঘূৰাই দিয়া জি এছ টিৰ অসম চৰকাৰৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ’ব । এই সিদ্ধান্ত জুবিন গাৰ্গৰ পৰিয়ালৰ লোকৰ পৰামৰ্শ অনুসৰি কেবিনেটত লোৱা হয়। দৰিদ্ৰজনক সহায় কৰাৰ বাবে জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ জন্ম দিছিল । অসমত আমোদ কৰ লোৱা নহয় বাবে ৰেহাই দিয়াৰ কথাই নাহে ।” তদুপৰি কেবিনেটে ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ মাজতে অহা ৫ নৱেম্বৰত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুতিথি বিশেষভাৱে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পাঁচ হাজাৰতকৈ অধিক লোক সমবেত হৈ ‘মানুহে মানুহৰ বাবে’ শীর্ষক গীতটো পৰিৱেশন কৰিব। আনহাতে, ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুতিথি পালন কৰা হ’ব।কেবিনেটে ৰাজ্যৰ ৰাস মহোৎসৱ উদযাপন সমিতিসমূহক এককালীন আর্থিক অনুদান প্রদানত অনুমোদন জনায়। সেই অনুসৰি মাজুলীৰ ৬৭খন ৰাস সমিতিয়ে ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন প্ৰান্তৰ সৰ্বমুঠ ২,০৬৮খন ৰাস সমিতিয়ে ২৫ হাজাৰ টকাকৈ অনুদান লাভ কৰিব। কেবিনেটে বিটিচিৰ মুখ্য কার্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্রদানত অনুমোদন জনায়। আনহাতে, পৰিষদৰ কাৰ্যবাহীসকলক ৰাজ্যিক মর্যাদা প্রদানতো অনুমোদন জনোৱা হয়। এই মর্যাদা বিটিএডি এলেকাৰ অধীনৰ জিলাসমূহত প্রযোজ্য হ’ব। কেবিনেটে অসমৰ গাঁও অঞ্চলত বংশানুক্রমিকভাৱে তিনিটা প্রজন্ম ধৰি বসবাস কৰি অহা জনজাতীয় লোকসকলক মিছন বসুন্ধৰা ২.০ৰ অধীনত ৫০ বিঘালৈকে মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সুবিধা মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকললৈ সম্প্ৰসাৰণত অনুমোদন জনায়। কেবিনেটে লগতে এই দুই জনগোষ্ঠীৰ বাবে মিছন বসুন্ধৰাৰ অধীনত আবেদনৰ বাবে অতিৰিক্ত দুমাহ সময় প্রদানতো অনুমোদন জনায়।
কেবিনেটে অসম আৰক্ষী (সংশোধনী) বিধেয়ক ২০২৫ত অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতা আয়োগসমূহ পুনৰ গঠন কৰা হ’ব। কেবিনেটে অসম গাঁওৰক্ষী বাহিনী নিয়মাৱলী ১৯৮৬ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ ঊর্ধ্বসীমা পূৰ্বৰ ৫০ বছৰৰ পৰা ৪০ বছৰলৈ হ্রাস পাব। এই সিদ্ধান্ত অনুসৰি প্ৰয়োজনীয় অঞ্চলসমূহত নতুনকৈ গাঁওৰক্ষী বাহিনী গোট গঠন কৰিব পৰা যাব। কেবিনেটে যোৰহাট জিলাত নির্মীয়মাণ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ বাবে ২৪৯.৭৮ কোটি টকাৰ সংশোধনীত মুঠ প্রকল্প ব্যয়ত অনুমোদন জনায়।
