জুবিন গাৰ্গ
মেৰী বৰদলৈ
নগাঁও
সাগৰৰ মহাবাহুত তুমি
সংগীতৰ লহৰ তুলি
অজান পৃথিৱীৰ
অতিথি হৈ
আমাৰ দুচকুত দিলা গুজি
স্মৰণীয় এখনি ছবি,
নাম কি জানানে
নাম….
আমাৰ সকলোৰে
হিয়াৰ আমঠু অসম হাৰ্টথ্ৰব
জুবিন গাৰ্গ৷
বাটৰে শেষতে
বাট চাই চাই
বাটৰ বাটৰুৱাইও
ৰৈ ৰৈ বিনালে আজি
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি,
আবেলি আকাশতো
ঘৰমুৱা পক্ষীয়েও
কৈ যায় কাণে কাণে
গুণগুণ গানে গানে বুলি
জানানে কি নাম তেওঁ
নাম…
অসম হাৰ্টথ্ৰব জুবিন গাৰ্গ৷
উজনিৰ দুজনী গাভৰুৱেও
অশ্ৰুসিক্ত নয়নেৰে
মৰম নদীৰ গাভৰু ঘাটত
উমান নাপায় আজি
হিয়া দিয়া নিয়াৰ,
বসন্তৰ ডালে ডালেও
এইবাৰ কপৌফুলে
শুৱনি নকৰে জানা
ৰাংঢালীৰ লাহতী খোপা
জানানে কাৰ বাবে
কি নাম
নাম…
অসম হাৰ্টথ্ৰব জুবিন গাৰ্গ…!!!
