অসম গ্ৰন্থমেলা , বঙাইগাঁৱত যুৱ-লেখক সন্মিলন
মিহিৰ মৌচম ৰয়-উপল দেবলৈ শ্ৰদ্ধা জ্ঞাপন
যুৱ-লেখক সকল অধ্যয়নশীল আৰু দায়ৱদ্ধ হ’ব লাগিবঃ ড° তৰণী ডেকা
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁৱত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদে সদ্য প্ৰয়াত কবি মিহিৰ মৌচম ৰয় আৰু বিশিষ্ট অনুবাদক-সাহিত্যিক প্ৰয়াত উপল দেবলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত দয়োগৰাকী সাহিত্যিকৰ জীৱন আৰু কৃতিৰ বিষয়ে শ্ৰদ্ধাঞ্জলি সূচক বক্তব্য আগবঢ়ায় যুৱ-সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি প্ৰতীম বৰুৱাই ৷ ইয়াৰ পাছতে ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱত অনুষ্ঠিত হয় ‘উন্মীলন’ শীৰ্ষক যু্ৱ-লেখকৰ সন্মিলন ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আয়োজন কৰা গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত যুৱ-লেখক সন্মিলনখন উদ্বোধন কৰে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° তৰণী ডেকাই ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে যুৱ-লেখক সকলৰ বিভিন্ন বিষয় সন্দৰ্ভত নতুন দৃষ্টিভংগী থাকে ৷

এয়া সৃষ্টিশীলতাৰ বাবে অতি দৰকাৰী ৷ সমান্তৰালভাৱে তেওঁলোক অধ্যয়নশীল আৰু দায়ৱদ্ধ হ’ব লাগিব ৷ যুৱ-লেখক সন্মিলন সঞ্চালনা কৰে বিশিষ্ট নিবন্ধকাৰ , সাহিত্য সমালোচক সমীৰ শাণ্ডিল্যই ৷ তেওঁ কয় যে বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ সাধন হোৱাৰ লগে লগে পৃথিৱীখনৰ ৰেহৰূপ নিতে সলনি হ’বলৈ লৈছে ৷ বিচিত্ৰ বিষয় ওলাই আহিছে, এইবোৰ চাবলৈ আৰু বুজিবলৈ যত্ন কৰাটো যুৱ-লেখক সকলৰ দায়িত্ব ৷ তেতিয়া তেওঁলোক নিজে সমৃদ্ধ হ’ব আৰু তেওঁলোকে নতুন ধ্যান-ধাৰণাৰে কৰা সৃষ্টিয়ে সমাজখনক সমৃদ্ধ কৰিব ৷ সৃষ্টিৰ বাবে আধ্যয়ন , পৰ্যবেক্ষণ আৰু নিজা বিশ্লেষণ জৰুৰী ৷ যুৱ-লেখক সকলে ইয়াৰ অনুশীলন কৰাটো প্ৰয়োজনীয় ৷ যুৱ-লেখক সন্মিলনত অংশগ্ৰহণ কৰে অনামিকা দাস, কল্পজ্যোতি ৰায়, হৰ্ষজিৎ কলিতা, জিতু কলিতা, সঞ্জীৱ অধিকাৰী, ৰুচালী চৌধুৰী, নয়ন ৰাভা, মদন ৰাভা, অৰূপ কুমাৰ দাস, মিতালী চৌধুৰী, প্ৰাঞ্জল কুমাৰ দাস, মনুস্মিতা ৰায় ৷ ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰে উত্তৰ-শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়, বঙাইগাঁৱৰ হোলি চাইল্ড ইংলিছ মিডিয়াম হাইস্কুল আৰু সুৰজ্যোতি সুৰীয়া যাত্ৰা নৃত্য বিদ্যালয়ে ৷
