হতাশাৰ ৰাতি
এন্টিনা দেৱী
পিতাই পোৱাই যায় কাম বিচাৰি
ৰাতিলৈ এসাজ গোটাও বুলি….।
চৌকাত জ্বলা নাই জুই
আইৰ পদূলিলৈ তাঁত-বাতি
উৎসাহেৰে বাট চাই ৰয়
পিতায়ে কিবা আনেই কিজানি !
পিতাইৰ জোলোঙাখন খালী
দিনৰ দিনটো সাটি
সন্ধ্যা পিতাই চাহাবৰ ওচৰত
হতাশাৰে কয়…..”ছাৰ মজুৰি “?
বৰ চাহাবে কয় —-
” দিম নহয় যাচোন’ আজি হ’ব কাইলৈ লবি”।
বজাৰত জুই
পেটত ভোক
পকেট খালী
দোকানত কয় “নাই নহ’ব আজি বাকী “।
হতাশাৰ মুখ দেখি আয়ে কয়
নিমখেৰে খাম দিয়ক আজি,
কাইলৈ কিন্তু ময়ো যায় কাম বিচাৰি ……..।
