ক্ষমতা, ন্যায় আৰু জুবিন: যেতিয়া ৰাইজে ক’বলৈ বাধ্য “পলিটিক্স নকৰিব”
উদয়ন চেতিয়া ,ধেমাজি
ক্ষমতা সঁচাকৈয়ে স্থায়ী হয় নে? যদি হয়, তেন্তে সেই ক্ষমতা কেনেকুৱা ক্ষমতা? আজিৰ যুগত প্ৰায় সকলো বস্তুই যেন ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু অকল ক্ষমতাৰ বাবে যে কাম কৰিব সেয়া কেনেকৈ সম্ভব? ক্ষমতা স্থায়ী হৈ থাকিবলৈ সকলো মানুহৰ বাবে সমানভাৱে কাম কৰি যোৱাৰ প্ৰয়োজন। নহ’লে সেই ক্ষমতা অস্থায়ী হৈ পৰিব।
বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত ক্ষমতা দুয়ো প্ৰকাৰৰ, স্থায়ী আৰু অস্থায়ী। কোন দিনা ক্ষমতা স্থায়ী হ’ব আৰু কোন দিনা অস্থায়ী হৈ পৰিব সেই কথা কোনোবাই আগতীয়াকৈ নাজানে। নিজৰ ক্ষমতা বচাবলৈ মানুহে কি পৰ্যায়লৈ কাম কৰিব পাৰে সেইয়া এক গুৰুত্বপূৰ্ণ কথা।
আজিৰ সমাজত আমি দেখিবলৈ পাওঁ কিছুমানে নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ আনৰ জীৱনৰ লগত খেল খেলা আৰম্ভ কৰে। আন কিছুমানে আকৌ জনসাধাৰণক বস্তুৰ লোভ দেখুৱাই ক্ষমতা বচাবলৈ চেষ্টা কৰে। আকৌ কিছুমান লোকে দুৰ্নীতি কেলেংকাৰী, হত্যা আদিৰ দৰে অপৰাধ ঢাকি ৰাখিবলৈ ক্ষমতাৰ আশ্ৰয় লয়।
সেয়েহে বুজা যায় যে ক্ষমতা স্থায়ী হ’বলৈ ন্যায়, সততা আৰু সৰ্বজনৰ হিতৰ বাবে কাম কৰা অতি প্ৰয়োজনীয়। নহ’লে সেই ক্ষমতা কেতিয়াও দীঘলীয়া নহয়।
অসমৰ সন্তান, প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি পূৰ্ণ ১ মাহ পাৰ হ’ল কিন্তু আজিলৈকে তেওঁ ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁক ন্যায় প্ৰদান কৰিবলৈ ইমান বিলম্ব কিয়? ইয়াত কাৰোবাৰ স্বাৰ্থ জড়িত হৈ আছে নেকি? যিজন ব্যক্তিয়ে জীৱনৰ অন্তিম পৰ্যন্ত অকল অসমৰ বাবে কাম কৰি গ’ল সেই ব্যক্তিজনক ন্যায় দিবলৈ আজিৰ দিনত আইন ইমান দুৰ্বল হৈ পৰিছে নে? নে কোনোবাই নিজ ক্ষমতা ৰক্ষা কৰিবলৈ গৈ তেওঁক ন্যায় দিব বিচৰা নাই? আজিৰ দিনত জুবিন দাই ন্যায় পাব নে? এনে ধৰণৰ প্ৰশ্নবোৰ সদায় মনত আমনি সৃষ্ট কৰে। জুবিন দাই কৈছিল,”আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন।”
তেওঁ সঁচাকৈয়ে আজি আকাশখন গাতে লৈ সাগৰৰ তলত শুই পৰিল। তেওঁ অন্যজনৰ ঘৰ বনাই দিছিল কিন্তু নিজৰ ঘৰখন আধাৰেই নিৰ্মাণ হৈ ৰ’ল। তেওঁ ঘটা সকলোবোৰ লোকৰ বাবে দি দিছিল, নিজৰ বাবে একো নাৰাখিছিল। তেওঁ জীয়াই আছিল মাথোঁ আনৰ বাবে। কিন্তু তেওঁ আজি আমাৰ মাজত নাই। কিছুমান স্বাৰ্থপৰ মানুহৰ বাবে আজি তেওঁক মৃত্যুৰ সন্মুখীন হ’বলগীয়া হ’ল আৰু আন কিছুমান স্বাৰ্থপৰ মানুহৰ বাবে নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ গৈ জুবিন গাৰ্গে আজিলৈকে ন্যায় লাভ কৰিব পৰা নাই। ইয়াৰ উপৰি কিছুমান লোকে নিজকে জুবিনৰ অনুৰাগী বুলি দেখুৱাই এনে কাম কৰিছে যাৰ ফলত সমাজ এক ভিন্ন দিশলৈ গতি কৰিছে। নাজানো আৰু কিমান দিন লাগিব প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবলৈ।জুবিন দাই কৈছিল, “পলিটিক্স নকৰি বা বন্ধু”। কিন্তু আজিৰ দিনত জুবিন দাৰ মৃত্যুৰ লগত এচাম লোকে পলিটিক্স কৰি আছে। যিজন ব্যক্তিয়ে পলিটিক্স নকৰিবলৈ কৈ গ’ল আজি সেইজন ব্যক্তিৰ লগতে পলিটিক্স কৰি আছে। সঁচাকৈ ক্ষমতাই সকলো নেকি? আজি সমাজখন কি দিশে গৈছে? মানুহে জানো ভাবিছে সেই মানুহগৰাকীৰ কথা যিয়ে সদায় জুবিন দাৰ ন্যায়ৰ বাবে অনুৰোধ জনাইছে। ভাবিছে নে সেইজনৰ কথা যিয়ে নিজৰ পত্নী, কন্যাক হেৰুৱাৰ পাছত এতিয়া নিজ পুত্ৰকো হেৰুৱাই হৃদয়ত বিষ লৈ কান্দি আছে আৰু পুত্ৰৰ মৃত্যুৰ ন্যায়ৰ বাবে অধীৰভাৱে অপেক্ষা কৰি আছে? কোনোবাই ভাবিছে নে সেই অসমবাসী ৰাইজৰ কথা, জুবিন দাৰ অনুৰাগীৰ কথা যিয়ে ৰাতি-দিনে একমাত্ৰ জুবিন দাৰ ন্যায়ৰ বাবে চিঞৰি আহিছে? আজি যদি এজন জনপ্ৰিয় আৰু প্ৰিয়জনৰ প্ৰাণৰ কোনো মূল্য নাথাকে, তেন্তে সাধাৰণ মানুহে ন্যায়ৰ আশা কেনেকৈ কৰিব? আজিৰ সমাজ এক গভীৰ প্ৰশ্নৰ আগত থমকি ৰয়, আমাৰ মানৱতা, আমাৰ বিবেক আৰু আমাৰ ন্যায়বোধ ক’ত গ’ল? ইয়াৰ সৈতে আন এটা প্ৰশ্নও উদয় হয়, ক্ষমতাই সকলো নে? যদি ক্ষমতাই সকলো হয় তেন্তে ন্যায়, সততা, নীতি আৰু আদৰ্শৰ স্থান ক’ত থাকে? সকলোৰে এটাই অনুৰোধ, জুবিন দা বা তেওঁৰ মৃত্যুৰ ঘটনাৰ সৈতে ৰাজনীতি নকৰিব আৰু জুবিন দাক ন্যায় প্ৰদান কৰক।
