অন্তিমখন এদিনীয়াত ৯ উইকেটত জয় ভাৰত

Pc News Arena

অন্তিমখন এদিনীয়াত ৯ উইকেটত জয় ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ মাজত দ্বিতীয় উইকেটৰ যুটীত সংগ্ৰহ হোৱা অপৰাজিত ১৬৮ ৰানৰ সহায়ত ছিডনীত বৃহৎ জয়ৰ সোৱাদ লাভ কৰিলে ভাৰতে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত ভাৰতে অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে । এদিনীয়া ক্রিকেটত অধিনায়ক হিচাপে প্রথমটো জয় লাভকৰে শুভমন গিলে। অৱশ্যে মেচখনত পৰাস্ত হ’লেও কেংগাৰু বাহিনীয়ে শৃংখলাটো ২-১ৰ ব্যৱধানত দখল কৰে। কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৩৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অপেনাৰ ৰোহিত শৰ্মাৰ বিস্ফোৰক অপৰাজিত শতক আৰু তাৰকা বেটাৰ বিৰাট কোহলিৰ দৰ্শনীয় অপৰাজিত অর্ধশতকৰ সহায়ত ভাৰতে ৩৮.৩ অভাৰত ১টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। এদিনীয়া ক্রিকেটত কেৰিয়াৰৰ ৩৩সংখ্যক শতক অৰ্জন কৰা ৰোহিত শৰ্মাই ১২১ ৰান কৰি অপৰাজিত হৈ থাকে। বিস্ফোৰক অপেনাৰগৰাকীৰ ১২৫টা বলৰ ইনিংছত আছিল ১৩টা চাৰি আৰু ৩টা ছয়। দলীয় স্ক’ৰ ৬৯ ৰানত অধিনায়ক গিলৰ ৰূপত ভাৰতে প্ৰথমটো উইকেট হেৰুৱায়। গিলে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। অৱশ্যে ৰোহিত শৰ্মাই বিৰাট কোহলিৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত অপৰাজিতভাৱে ১৬৮ ৰান সংগ্ৰহ কৰি দলক জয়ৰ সোৱাদ দিয়ে। শৃংখলাৰ প্ৰথম দুয়োখন মেচতে কোনো ৰান নকৰাকৈ বিদায় লোৱা কোহলিয়ে ৭৪ ৰান কৰি নট আউট হৈ থাকে। তাৰকা বেটাৰগৰাকীয়ে ৮১টা বলৰ ইনিংছটোত আছিল ৭টা বাউণ্ডেৰী। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি মেট ৰেনশ্বৰ সৰ্বাধিক ৫৬ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই ৪৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৬ ৰান সংগ্ৰহ কৰে। অপেনাৰ তথা অধিনায়ক মিচেল মার্শ্বে ৪১, মেথিউ শ্বর্টে ৩০, ট্রেভিছ হেডে ২৯ আৰু এলেক্স কেৰীয়ে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ হৰ্ষিত ৰানাই সৰ্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে ৱাম্বিংটন সুন্দৰে ২টা, মহম্মদ চিৰাজ, প্রসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে ১টাকৈ উইকেট লাভ কৰে। মেচখনৰ লগতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় টীম ইণ্ডিয়াৰ অপেনাৰ ৰোহিত শর্মা।