জ্যেষ্ঠ সাংবাদিক, প্ৰগতিশীল চিন্তাবিদ বৈকুণ্ঠ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ৰাইজৰ দলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জ্যেষ্ঠ সাংবাদিক, প্ৰগতিশীল চিন্তাবিদ বৈকুণ্ঠ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে গোস্বামীৰ বিয়োগ অসমৰ আপোচবিহীন সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি। ৰাষ্ট্ৰীয় সংবাদন প্ৰতিষ্ঠান ইউ এন আই ৰ সাংবাদিক ৰূপে অৱসৰ গ্ৰহণ কৰি তেখেত অসমৰ সংবাদ মাধ্যমৰ সৈতেও জড়িত হৈ পৰি প্ৰগতিশীল চিন্তা আৰু লেখা মেলাৰ জৰিয়তে এক আদৰ্শ হৈ পৰিছিল। ৰাইজৰ দলে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধলৈ জনাইছো গভীৰ সমবেদনা।
