ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বক্তব্য

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বক্তব্য
মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গৰ ৰহস‍্যজনক মৃত‍্যুৰ তদন্ত বিচৰাটো উন্মাদনা ন?

ৰঙিলী বাৰ্ত্তাসেৱা- আমি ক’তো উন্মাদনাৰ সৃষ্টি কৰা নাই। অখিল গগৈয়ে আপোনাক মুঠেও উন্মাদনাৰ ওচৰত নতি স্বীকাৰ কৰাব খোজা নাই। আপুনিহে জনতাৰ সবল দাবীৰ সন্মুখত উন্মাদ হৈ পৰিছে! আপুনিহে উন্মাদৰ দৰে আচৰণ কৰিছে।- এই মন্তব্য অখিল গগৈৰ৷আজি সংবাদমেলত এইদৰে মন্তব্য কৰি পুনৰ গজৈয়ে কয় যে জুবিনদাৰ মৃত‍্যুৰ পাছত আপোনাৰ আচৰণৰ পৰিৱৰ্তন সকলোৱে লক্ষ‍্য কৰিছে—- আপুনি যেন কিবা এটা লুকুৱাব খুজিছে, আপুনি যেন অপৰাধীক বচাব খুজিছে, আপুনি যেন ভয়াতুৰ হৈ পৰিছে! সেয়ে নিজক লুকুৱাবলৈ আপোনাৰ এই আস্ফালন নহয়নে? ৰাইজে ধৈৰ্য আৰু সংযম ৰক্ষা কৰি তেওঁলোকৰ প্ৰাণৰ স্পন্দনস্বৰূপ শিল্পীজনৰ ৰহস‍্যজনক মৃত‍্যুৰ ‍যথোপযুক্ত তদন্ত বিচাৰিছে আৰু তাকে আপুনি উন্মাদনা বুলি অপব‍্যাখ‍্যা কৰিছে। কিন্তু আপোনাৰ এই অপপ্ৰচাৰ আৰু গোৱেবলচীয় ব‍্যাখ‍্যাই এতিয়া আৰু অসমৰ মানুহক তলাব নোৱাৰে। অসমৰ তাত মানুহ তেওঁলোকৰ প্ৰিয়তম শিল্পীজনৰ ন‍্যায়ৰ দাবীক লৈ বিভোৰ। আপোনাৰ চেলবেলিয়া কথাবোৰে মানুহক এতিয়া মুঠেও প্ৰভাৱিত নকৰে।শৰ্মা, মানুহৰ প্ৰিয়তম শিল্পীজনৰ ন‍্যায়ৰ দাবী কৰাটো যদি উন্মাদনা হয়, অভিযুক্তৰ শাস্তি বিচৰাটো যদি উন্মাদনা হয়, জনতাৰ ন‍্যায়ৰ দাবীক যদি শাসকৰ প্ৰতি মানুহে জনোৱা ভাবুকি বুলি ব‍্যাখ‍্যা কৰা হয়; তেন্তে সেই শাসকক গণতান্ত্ৰিক দেশৰ শাসক বুলি নকৈ ৰজা বুলি ক’ব লাগিব আৰু মুখ‍্যমন্ত্ৰীৰ পৰিৱৰ্তে তেওঁক হিটলাৰ বুলি ক’ব লাগিব। আপুনি নিজকে হিটলাৰ বুলি ভাবে নেকি , মুখ‍্যমন্ত্ৰী৷