জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- পুৱা প্ৰায় ৯.৩০ বজাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা, শুৱালকুছি আৰক্ষীৰ সহযোগত জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহৰ অভিযান চলাই। প্ৰতিটো কোঠাত তন্ন-তন্নকৈ অনুসন্ধান চলাই আৰু ঘৰৰ মাটিৰ জোখ-মাখৰ লগতে প্ৰতিটো লেনদেনৰ পৰীক্ষা কৰে । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিচতে পোহৰলৈ আহিছিল দেহৰক্ষী পৰেশ বৈশ্যৰ বেংক একাউন্টত বৃহৎ ধনৰ লেনদেনৰ তথ্য। নিবাৰক শাখাই প্ৰায় ৩:৩০ ঘন্টাযোৰা অভিযান চলাই।
