ভগৱান জুবিন দাৰ ন্যায় ৰাজনৈতিক যুদ্ধ নহয়
ৰমেন বৃৰদুগ, মাজুলী
জুবিন দাৰ গীত মাত কথা কবিতা সুৰ সাংস্কৃতিক সৃষ্টিৰাজিৰ বিষয়ে গৱেষণা, তাত্বিক বিশ্লেষণ আৰু যুগ যুগ ধৰি সংৰক্ষণ অথবা সংবৰ্ধন কৰি অসমখন জুবিনময় কৰি ৰখাৰ লগতে তেখেতৰ সাহস তথা আদৰ্শ অসমৰ লগতে বিশ্বৰ নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ প্ৰাসংগিকতা আছে ৷ সেইবোৰ বিষয় পিছত আলোচনা কৰা হ’ব ৷ বৰ্তমান জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত কি চলি আছে ? ৰাজনীতি ?
জুবিন মানে তৰোৱাল ৷ জুবিন মানে আদৰ্শৰ সমল, মানৱ দৰদী সুৱাস ৷ কিন্তু সেইজন মানৱ ৰূপী ভগৱানৰ বাবে আমি ন্যায় বিচাৰি আন্দোলন, ধৰ্ণা, প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব লগা হৈছে ৷
আজি এমাহ অতিক্ৰম কৰিলে জুবিন বিহীন পৃথিৱীৰ সময় ৷ আৰু কিমান দিন লাগিব জুবিন দাই ন্যায় পাবলৈ৷ জুবিন দাৰ কোটি কোটি অনুৰাগীৰ বাবে এই সময় আৱেগিক সময়, সংবেদনশীল সময় ৷ এনে শোকময়, অশান্তময় জুবিন বিহীন বিষগধুৰ সময়ত জুবিন দাৰ ন্যায় দিয়াৰ নামত কিহৰ ৰাজনীতি ? জুবিন অনুৰাগী সৰু হৈ থকা নাই, জুবিন দাৰ অনুৰাগী অশিক্ষিত নহয় ৷ জুবিন দাক ন্যায় দিবলৈ ৰাজনীতিৰ বোকাৰে কোনে পৰিৱেশটো ছয়ামায়াময় কৰি তুলিছে ? এইখিনিতে কথা কেইটামান উল্লেখ কৰিব লাগিব ৷ জুবিন দাক আচলতে কিছুমান স্বাৰ্থপৰ মানুহে বুজি নাপালে ৷ জুবিন দা এটুকুৰা হীৰা আছিল, জুবিন দা অসমৰ ঈশ্বৰ প্ৰদত্ত প্ৰাকৃতিক সম্পদ আছিল ৷ সেয়ে ভদ্ৰতাৰ মুখা পিন্ধা শ্যামকানু মহন্তই নিজৰ ব্যৱসায়ৰ লাভালাভৰ বাবে জুবিন দাক ব্যৱসাৰ কৰিলে ৷ আনহাতে জুবিন দাৰ মেনেজাৰ বুলি দাদাগিৰি কৰা সিদ্ধাৰ্থ শৰ্মাই টকা পইচা সম্পদ ঘটা যন্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰিলে ৷ কিন্তু তেওঁলোকে বুজি নাপালে জুবিন দা যে মানৱৰূপী ভগৱান অৱতাৰ বুলি ৷ সেয়ে জুবিন দাৰ স্বাস্থ্যৰ প্ৰতি খেলা কৰিলে, অৱহেলা কৰিলে, জুবিন গাৰ্গ নামৰ অনুষ্ঠানটি, জুবিন গাৰ্গ নামৰ সত্তাৰ লগত খেলিলে আৰু জুবিন দাৰ অনুৰাগীৰ বুকুৰ পৰা জুবিন দাক কাঢ়ি নিলে ৷ জুবিনবিহীন জুবিন দাৰ অনুৰাগীৰ শোকাকুল মন, জুবিন শূন্য পৃথিৱীৰ বুকুৰ বিষ বা জুই সহজে নিৰ্বাপিত নহ’ব ৷
এতিয়া কওঁ জুবিন দা কেনেকৈ আমাৰ বাবে বা অসমৰ জনসাধাৰণৰ বাবে ভগৱান হ’ল ? জুবিন দাই গছ গছনি, জীৱ-জন্তু, চৰাই-চিৰকটি ভাল পাইছিল ৷ নিজক গছ বুলিও দাবী কৰিছিল ৷ আনহাতে বহু দুখীয়া লোকক স্বাস্থ্য অথবা চিকিৎসাৰ বাবে সাহায্য দিছিল ৷ ঠিক সেইদৰে ৰিক্সা চালক, অট’ চালক, ফুটপাথৰ দোকানীসকলৰ লগত ভাৱ বিনিময় কৰি জীৱন জীয়াৰ উৎসাহ আৰু প্ৰেৰণা যোগাইছিল ৷ তেওঁলোক যেন এতিয়া অভিভাৱকহীন হোৱাৰ দৰে হৈ পৰিল ৷ বাট পথৰ ভিক্ষাৰী তথা পগলা মানুহবোৰৰ বাবেও জুবিন দা অভিভাৱক আছিল ৷ বহু লোক বহু যুৱক যুৱতী ব্যৱসায়ৰ জৰিয়তে আত্ম সংস্থাপনৰ বাবে জুবিন দাৰ ওচৰত সহায় বিচাৰি আহিছিল ৷ অন্ধ, হাত ভৰি নথকা সকলৰ বাবেও জুবিন দা ঈশ্বৰ আছিল ৷ খেলা ধূলাৰ ক্ষেত্ৰত অসমৰ যুৱক যুৱতীসকল আগবাঢ়ি যাওক বুলি জুবিন একাদশ নামেৰে ফুটবল, ক্ৰিকেটৰ দলৰো জুবিন দাই জন্ম দিছিল ৷ বান পীড়িত অঞ্চলৰ লোকৰ সাহায্যৰ বাবেও গুৱাহাটীৰ প্ৰতিখন দোকান পোহাৰত অৰ্থসাহায্য বিচাৰি ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল ৷ জুবিন দাই জনসাধাৰণৰ বাবে যি কাম কৰিছিল সম্ভৱত অসম চৰকাৰেও ইমানবোৰ কাম কৰা নাই ৷ আনহাতে বলিউদত কেইবা বছৰ সংগীতৰ কাম কৰাৰ পিছত অসমলৈ উভতি অহা সময়ত বৰঝাৰ বিমান বন্দৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিন দাই কৈছিল “মই বলিউদ এৰি আহিছোঁ, মই অসমত নাথাকিলে বহু শিল্পীৰ পাকঘৰ পৰিয়াল নচলিব ৷ সিহঁতৰ বাবে মই উভতি আহিছোঁ“ বুলি ৷ নিজ মাতৃভূমি অসমক আৰু অসমৰ মানুহক ইমান নিস্বাৰ্থভাবে ভাল পোৱা ব্যক্তি এগৰাকীয়ে দেখিলোঁ সেইগৰাকী হ’ল জুবিন দা ৷ জুবিন দাই নিজেই কৈ গ’ল “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চন জঙ্ঘা ৷’’ আচলতে ভগৱানৰ কোনো জাতি ধৰ্ম বৰ্ণ নাই ৷ কথা এষাৰ আছে নহয় – “সবকা মালিক এক হে ৷’’ ভূতপূৰ্ব ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান মনিষী ড° এ. পি. জে. আব্দুল কালামেও কৈছিল – “মহান মানুহৰ কোনো নিৰ্দিষ্ট ধৰ্ম বা জাতি নাথাকে ৷’’ বুলি ৷ বলিউডৰ বিশিষ্ট সংগীত শিল্পী সুৰকাৰ, গায়ক, জুবিন দাৰ বন্ধু বিশাল দাদলানিয়েও জুবিন দাৰ মৃত্যু সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছে “জুবিনক আমি তেতিয়াই বুজি নাপালো, আমি বলিউডৰ মানুহবোৰ গাধ আছিলোঁ, জুবিন দাৰ মনক তেতিয়াই বুজি পোৱা হ’লে ভাৰতৰ বলিউদ জগত আৰু এখোজ আগবাঢ়িলেহেঁতেন ৷ ’’ আমাৰ মৰমৰ অভিনেতা ৰবি শৰ্মা দাইও কৈছে “জুবিনক জীয়াই থাকোতে আমি বুজিব নাজানিলোঁ ৷ জুবিনৰ দুষ্টামিবোৰতো নিজ জাতিক, নিজ কৃষ্টি সংস্কৃতিক, নৱপ্ৰজন্মক অগাধ ভালপোৱাৰ কথা লুকাই আছিল ৷ জুবিন দাই ক’লেই হ’ল “তুমি থিয় হ’ব লাগিব, তোমাক মই থিয় কৰাম ৷ তুমি চকুৰে নেদেখা নহয়, তোমাক এইবাৰ চকুৰে চাব পৰা কৰিম ৷’’ শ্মশানত কাম কৰা মানুহবোৰো জুবিন দাৰ বন্ধু আছিল ৷ এগৰাকী চিকিৎসকে কোৱা শুনিছো প্ৰতিদিনাই বিশ পচিশ টা দুখীয়া পৰিয়ালৰ ৰোগীৰ চিকিৎসাৰ বাবে জুবিন দাই ফোন কৰিছিল ৷ কোনোবা যদি বিপদত পৰিলে বা সমস্যাত মই আছোঁ তই চিন্তা নকৰিবা ৷ মই থাকিলে সকলো সমস্যা নাইকিয়া হ’ব বুলি কোৱা, সাহস দিয়া মানুহজন আচলতে ভগৱান নহয় অন্য কি হ’ব পাৰে ৷
জুবিন অকল মানুহকহে সহায় কৰিছিল তেনেকুৱা নহয় ৷ তেওঁ শক্তিশালীও আছিল ৷ তেওঁৰ গীত মাত সুৰ কবিতাবোৰ আছেই ৷ সেইবোৰ আছুতীয়াকৈ আলোচনা অথবা বিশ্লেষণ কৰা হ’ব ৷ এই সময় জুবিন দাক ন্যায় দিয়াৰ বতৰ ৷ জুবিন দাই উৎপাত যেন লগা, পাতলীয়া কথা যেন লগা কথাবোৰ জীৱনৰ লগত, প্ৰকৃতিৰ লগত মিলি যোৱাকৈ কেনেকৈ কৈ গ’ল ? এটা সময়ত অসমত অসমীয়া গীত শুনাৰ প্ৰৱণতা কমি আহিছিল ৷ কিন্তু জুবিন দাই এই অসমীয়া সংগীতৰ দুৰ্যোগৰ সময়ত অসমৰ মানুহক অসমীয়া সংগীত বা গীত শুনাৰ পৰিৱেশ পুনৰ সূচনা কৰিলে ৷ আনহাতে এটা সময়ত অসমীয়া চলচ্চিত্ৰ জগতত বহু লোকে কাম কৰিবলৈ নিৰাশ হৈ পৰিছিল ৷ তেনে এক সংকটময় সময়তো জুবিন দাই সাহসেৰে “মিছন চাইনা’’ চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমীয়া ছবি জগত উদ্ধাৰ কৰিছিল ৷ “দৌৰি দৌৰি যাম মিছন চাইনা চাম, দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম ৷“ সঁচাই অসমৰ জনসাধাৰণ জুবিন দাৰ আহ্বানৰ প্ৰতি সহাৰি জনালে ৷ তেনেকৈ অসমীয়া চিনেমাই প্ৰথম কোটিৰ ঘৰত আয় কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ পুনৰ জী উঠিল অসমীয়া চিনেমা চোৱাৰ প্ৰৱণতা ৷ তাৰ পৰৱৰ্তী সময়ত জুবিন দা সাহসতে ৰবি দাই “ৰঘুপতি’’, “ৰুদ্ৰ’’, যতীন দাই “ৰত্নাকৰ’’, “ৰাঘৱ’’ নামৰ অসমীয়া চিনেমা ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি অসমীয়া ৰাইজৰ অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ জুবিন দাই “মিচন চাইনা’’ৰ বাদেও “ কাঞ্চন জঙ্ঘা’’, “চিকাৰ’’, “ড° বেজবৰুৱা’’, “ভাইমন দা’’ আদি চলচ্চিত্ৰ নিৰ্মাণ কৰি সফলতাৰ নিদৰ্শন দেখুৱাই থৈ গৈছে ৷ আৰু জুবিন দাৰ সপোনৰ চলচ্চিত্ৰ ”ৰৈ ৰৈ বিনালে’’ অহা ৩১ অক্টোবৰ ২০২৫ তাৰিখে মুক্তি লাভ কৰিব ৷ জুবিন আমাৰ আৱেগ, জুবিন আমাৰ ঈশ্বৰ ৷ এক বেদনা গধুৰ, এক অশ্ৰুধাৰি নয়নেৰে “ৰৈ ৰৈ বিনালে’’ চাব লাগিব আৰু আমি চাম ৷ অসমৰ লাখ লাখ অনুৰাগীয়ে চাব ৷
কিছু আৱেগিক হৈ পৰিছোঁ যদিও ধৈৰ্য্যৰে জুবিন দাৰ বিষয়ে দাৰ কবই লাগিব আজিৰ মুহূৰ্তত ৷ জুবিন দা কোনবোৰ মানুহৰ লগত যুঁজিছিল ? জুবিন দাই নিজে কৈছিল “মই ধনী শ্ৰেণীৰ মানুহৰ লগত থাকি ভাল নাপাওঁ , সাধাৰণ মানুহৰ লগত সাধাৰণভাৱেহে থাকি ভাল পাওঁ ৷’’ তেখেত সঁচা অৰ্থত সাধাৰণ মানুহৰ লগত থাকি ভাল পোৱা মানুহ ৷ বহু সময়ত তেখেত বজাৰৰ অলিয়ে গলিয়ে সাধাৰণ মানুহৰ লগত আন্তৰিকতাৰে জীৱন জীয়াৰ কথা বতৰা পতা দেখিছোঁ, তেখেত খোৱা বোৱা কৰা সময়তো অনুৰাগীৰ চেলফি তুলিবলৈ হেতাওপৰা লগা দেখিবলৈ পোৱা যায় যদিও কোনো দিন তেওঁ অনুৰাগীক গালি পৰা, বিমুখ কৰা দেখা নাপালোঁ ৷ অন্যহাতে বলিউদ হলিউদৰ বহু অভিনেতা তাৰকাক নিজৰ অনুৰাগীক দুৰ্ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷ কিন্তু সেইবুলি জানো জুবিন দা শক্তিহীন আছিল ৷ তেওঁৰ কোনো দল সংগঠন নাছিল ৷ তথাপি চৰকাৰৰ দুৰ্নীতি, জনবিৰোধী নীতি দেখিলেই চৰকাৰক ধমক দিব পাৰিছিল ৷ চৰকাৰো তেখেতৰ কথা গুৰুত্ব দিব লগাত পৰিছিল ৷ স্বাধীন অসম দাবী কৰা পৰেশ বৰুৱা বা আলফাকো জুবিন দাই হুংকাৰ দি প্ৰত্যাহ্বান জনাইছিল ৷ অহংকাৰী দল সংগঠনৰ নেতাকো ধমক দিব পৰা এজন ব্যক্তি আছিল ৷ সেইবাবে জুবিন দা আমাৰ ভগৱান ৷ জুবিন দা মানে অসমৰ জনসাধাৰণৰ সাহস ৷
কিন্তু সেই মানৱৰূপী ভগৱান জুবিন দাৰ ন্যায়ৰ নামতে আজি ৰাজনীতি ৷ এটা পক্ষই “মইও জুবিন, আমিও জুবিন’’ শ্লোগানেৰে জুবিন দাৰ ন্যায়ৰ বাবে আন্দোলন কৰিব বুলি ঘোষণা কৰিছিল ৷ কিন্তু জুবিন দাৰ অজস্ৰ অনুৰাগীয়ে স্বতঃস্ফূৰ্ত ভাৱে সামাজিক মাধ্যমত কোনোৱে জুবিন হ’ব নোৱাৰে, মইও জুবিন, আমিও জুবিন” শ্লোগান পৰিহাৰ কৰিবলৈ দাবী জনাই বিষোদগাৰ প্ৰকাশ কৰাত মইও জুবিন আমিও জুবিন শ্লোগানৰ ৰূপ সলনি কৰি মইও জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী“ কৰিবলৈ বাধ্য হ’ল ৷ আন এটা পক্ষৰ একাংশ ব্যক্তি হঠাৎ জুবিন অনুৰাগী হৈ ৰাজনৈতিক ৰহণ মিশ্ৰিত কৰিবলৈ চেষ্টা নকৰা নহয় ৷ জুবিন দাৰ কৌটি কৌটি অনুৰাগীয়ে জুবিন দাৰ ন্যায়ৰ আশাত বন্দী হৈ আছে ৷ কিন্তু জুবিন দাৰ জীৱিত কালত জুবিন দাক কোনে সমালোচনা কৰিছিল, জুবিন দাই কোনটো ৰাজনৈতিক দলক সমালোচনা কৰিছিল, শ্যামকানু মহন্তৰ লগত চেলফি তুলিছিল, কোনে পাৰ্টি খাইছিল সেইবোৰ পুৰণি কথা খোচৰি জুবিন দাৰ ন্যায়ৰ বিষয়টো তল নিয়াবলৈ চেষ্টা নকৰিব ৷ জুবিন দাই কৈছিল “পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী এম এল চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ ৷’’ এই শব্দবোৰৰ কিমান গভীৰ শব্দাৰ্থ লুকাই আছে অকণমান ভাৱি চালে গম পোৱা যায় ৷ পাপৰ দেখিবলৈহে খাদ্য,ই আচলতে খাদ্য নহয় শব্দহে ৷ ভাত পানী আঞ্জা খালেহে পেট ভৰিব ৷ পাপৰ খালে পেট নভৰে ৷ পাপৰ নাখালেও একো নহয় ৷ মন্ত্ৰী, এম এল এ সকল তেনেকুৱাই ৷ মুখেৰেহে ডাঙৰ ডাঙৰ ভাষণ দিয়ে ৷ কিন্তু ডাঙৰ ডাঙৰ ভাষণ দিয়াৰ দৰে জনসাধাৰণৰ জনহিতকৰ কাম নহয়গৈ ৷ জুবিন দাই আৰু এটা কথা কৈ গৈছে “যি ক’বা সঁচা ক’বা ৷ কথা কমকৈ ক’বা কাম বেছিকৈ কৰিবা ৷’’ সেয়ে ৰাজনীতি কৰা ব্যক্তিসকল জনাতো দৰকাৰ যে যিকোনো ৰাজনৈতিক দলৰ নেতৃত্বত জুবিন দাৰ ন্যায়ৰ দাবী উত্থাপন নকৰিব ৷ আপুনি যদি সঁচা অৰ্থত জুবিন দাৰ ন্যায় বিচাৰিছে তেন্তে অকৃত্ৰিমভাৱে জুবিন অনুৰাগীৰ ন্যায় দাবীক সমৰ্থন কৰক ৷ জুবিন দাৰ ন্যায়ৰ দাবী কৰিবলৈ গৈ ২০২৬ চনত অসমত কোন দলে চৰকাৰ গঠন কৰিব সেই চিন্তা ধাৰণাৰে জুবিন দাৰ ন্যায়ৰ লগত ৰাজনৈতিক ৰহণ সানি জুবিন দাৰ শোকাকুল বেদনা সিক্ত অনুৰাগীৰ বুকুত আঘাত নকৰিব ৷ জুবিন দাই এটা সাক্ষাৎকাৰত কৈছিল তেওঁ কোনো বস্তুলৈ ভয় নকৰে ৷ কিন্তু এটা বস্তুটোকে ভয় কৰিছিল সেয়া হৈছে সময় ৷ সময়ে কাকো ক্ষমা নকৰে ৷ জুবিন দাই জীৱিত কালত কৰি যোৱা কৰ্মৰাজিয়ে জুবিন দাক মৃত্যুৰ পিছত বেছি শক্তিশালী কৰিছে ৷ কাৰণ জীৱিত কালত জুবিন দাক আমি চিনি নাপালোঁ, বুজি নাপালোঁ ৷ মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ আছিলোঁ ৷ ছাত্ৰ অৱস্থাতে পঢ়িব পাইছিলোঁ যে নেমু ৰসত নিমখ মিশ্ৰণ কৰিলে কি বিক্ৰিয়া ঘটিব তাক ৰসায়ন বিজ্ঞানৰ ছাত্ৰই সঠিক পাৰিব ৷ কিন্তু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰই যিকোনো নিৰ্বাচনত কোনটো দলে চৰকাৰ গঠন কৰিব তাক সঠিক ক’ব পৰা নাযায় ৷ ৰাজনীতিৰ কথা জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল ৷
শেষত সেয়ে ক’ব বিচাৰো যে জুবিন দাৰ ন্যায় সঠিকভাৱে হওক ৷ ইয়াত কোনোৱে নিজ ৰাজনৈতিক দলৰ লাভালাভৰ স্বাৰ্থত কথা নক’ব, জুবিন দাৰ ন্যায়ৰ নামত ৰাজনৈতিক আক্ৰমণ প্ৰতি আক্ৰমণ নকৰিব ৷ নহ’লে ইয়াৰ পৰিণাম সময়ত ভোগিব লাগিব ৷ জুবিন দাৰ অনুৰাগী ইমান শক্তিহীন নহয় ৷ জুবিন দাৰ মৃত্যুৰ সমদলত কোনো নেতা মন্ত্ৰী দল সংগঠনৰ আহ্বানত সেই লাখ লাখ অনুৰাগীসকল অংশগ্ৰহণ কৰা নাছিল ৷ কান্দোনত ভাগি পৰা নাছিল ৷ জুবিন দাই আমাক কান্দিবলৈও শিকাই থৈ গ’ল, হাঁহিবলৈও শিকাই থৈ গ’ল আৰু সাহসী হ’বলৈও শিকাই থৈ গৈছে ৷ জুবিন দাৰ অনুৰাগী সাৰে আছে সাৰে থাকিব ৷ জাগি আছে জাগি থাকিব ৷ জুবিন দাৰ ন্যায় প্ৰাপ্তি দাবী যদি ৰাজনৈতিক বোকাত পুত যায় তেন্তে জুবিন অনুৰাগীৰ আৱেগৰ উদগীৰণ হ’লে কাৰো ৰক্ষা নহ’ব ৷ জুবিন দাৰ ন্যায়ক লৈ ৰাজনীতি কৰা, অভিনয় কৰা মানুহসকলক লাখ লাখ জুবিন অনুৰাগী জনতাই মনত ৰাখিব, চিনি থ’ব ভালকৈ ৷
এখিনিতে এটা কথা উল্লেখ কৰিব লাগিব – জুবিন দাৰ ন্যায়ৰ বাবে আমি জুবিন অনুৰাগীসকলো ধৈৰ্য্য আৰু সংযমেৰে অপেক্ষা কৰিব লাগিব ৷ অন্যথা আমাৰ অধৈৰ্য্যশীল কৰ্ম কাণ্ডৰ অজুহাত দেখুৱাই জুবিন দাৰ ন্যায় প্ৰাপ্তিৰ গতি লেহেম হৈ যাব পাৰে ৷