ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা বিশ্বকাপৰ এখন ৰোমাঞ্চকৰ খেলত ইংলেণ্ডে ভাৰতক ৪ ৰানত পৰাস্ত কৰে ৷ এই পৰাজয়ে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত প্ৰচণ্ড আঘাত হানে ৷ ভাৰতে ৫খন খেলৰ তিনিখন পৰাজয় আৰু দুখন জয়ৰ জৰিয়তে ৪ পইণ্ট লাভ কৰিছে ৷ এই জয়েৰে ইংলেণ্ড বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে স্থান সুৰক্ষিত কৰা তৃতীয়টো দল হৈ পৰিছে। এতিয়ালৈকে তিনিটা দলে যোগ্যতা অর্জন কৰিছে আৰু এতিয়া কেৱল এটাৰ স্থান বাকী। ইংলেণ্ডে প্ৰথমে বেটিং কৰি হেথাৰ নাইটৰ চমকপ্ৰদ শতকেৰে ভাৰতক ২৮৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ ভাৰতীয় বলিং আক্ৰমণক দিশহাৰা কৰি তুলি নাইটে মাত্ৰ ৯১টা বলত ১৫টা চাৰি আৰু এটা ছয়েৰে ১০৯ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। ভাৰতৰ হৈ দিপ্তী শৰ্মাই দৰ্শনীয় বলিং কৰি ৫১ ৰানত ৪টা উইকেট দখল কৰে। দুটা উইকেট যায় শ্ৰী চৰণীৰ হাতলৈ। ইফালে ৮৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিব ভাৰতীয় দলে ১৩ ৰানতে হেৰুৱায় অপেনাৰ প্ৰতিকাৰ উইকেট। কিছু যুঁজ দি হাৰলীন দেউলেও ২৪ ৰান কৰি বিদায় লয়। ইয়াৰ পিছতে স্মৃতি আৰু অধিনায়ক হৰমনপ্ৰীতে দায়িত্বশীল বেটিঙেৰে ইংলেণ্ডৰ বলিং আক্ৰমণ প্ৰতিহত কৰি দলৰ ইনিংছ আগুৱাই দিয়ে। তৃতীয় উইকেটৰ যুটিত দুয়ো যোগ দিয়ে ১২৪ ৰান। অধিনায়কোচিত বেটিঙেৰে হৰমনে ৭০ ৰান সংগ্ৰহ কৰি বিদায় লয়। হৰমনৰ বিদায়ৰ পিছত পুনৰ দিপ্তীৰ সৈতে যুটি বান্ধে স্মৃতিয়ে। এই যুটিয়েও ৭৭ ৰানৰ যুটি বান্ধি ভাৰতৰ জয়ৰ আশা প্ৰায় সজীৱ কৰি তুলিছিল।ব্যক্তিগত ৮৮ ৰান সংগ্ৰহ কৰি স্মৃতিয়ে বিদায় লয়। কিছুসময় পিছতে ৫০ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলি দিপ্তীয়েও বিদায় লয়। উইকেটকীপাৰ বেটাৰ ৰিছা ঘোষে প্ৰয়োজনীয় লক্ষ্যত উপনীত কৰাব পাৰিব বুলি আশা কৰা হৈছিল যদিও তেওঁ ব্যৰ্থ হয়। অন্তিম অভাৰত ভাৰতীয় দলক জয়ৰ বাবে ১৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও স্নেহ ৰানা আৰু অমনজোৎ কৌৰে প্ৰয়োজনীয় ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু ভাৰতে ৪ ৰানত পৰাজয় স্বীকাৰ কৰে। চমকপ্ৰদ শতকীয় ইনিংছটোৰ বাবে হেথাৰ নাইট মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ভাৰতে এতিয়া ২৩ অক্টোবৰত নিউজিলেণ্ডৰ সন্মুখীন হ’ব। ছেমিৰ পথ মুকলি কৰিবলৈ এই মেচত জয় অনিবাৰ্য হ’ব।