২৬ৰ নির্বাচনত আমি এক সমন্বিত ৰণকৌশল প্রস্তুত কৰিম: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ মিত্রদল কোন হ’ব তাক লৈ অচিৰেই দলকেইটাৰ সৈতে আলোচনাত মিলিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰিলে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মন্তব্য- ‘২৬ৰ নির্বাচনত আমি এক সমন্বিত ৰণকৌশল প্রস্তুত কৰিম। সকলোৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত এখন সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে। তাৰ বাবে ৰাজনৈতিক দিশত নির্বাচনত কোনে ক’ত প্রতিদ্বন্দ্বিতা কৰিব তাক যদিও আলোচনা কৰা হোৱা নাই, স্বাভাৱিকভাৱে ২০২৬ৰ নিৰ্বাচনৰ কথাও আমাৰ চিন্তাত আছে। এই বিষয়ত আমি নৱেম্বৰ-ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰত এক সুন্দৰ প্ৰতিচ্ছবি আমি দিব পাৰিম। এটা কথা নিশ্চিত যে গোটেই দিশটো ইতিবাচক হ’ব, গঠনমূলক হ’ব আৰু ভাল হ’ব। ইয়াত নেতিবাচক একো নাথাকে। ইফালে ইউপিপিএলৰ স্থিতি এনডিএত কি হ’ব সেই বিষয়ে উত্থাপন কৰা প্ৰশ্নত মুখ্যমন্ত্রী ড° শর্মাই কয়- মন্ত্রীসভাত আজিও উৰ্খাও গৌৰা ব্ৰহ্ম মন্ত্ৰী হিচাপে আছে। ইউপিপিএলৰ লগত ২০২১ চনত আমি যি মিত্রতা কৰিছিলোঁ, ‘২৬ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকভাৱে অগপ, ইউপিপিএল, বিপিএফৰ লগতো নতুনকৈ কথা পাতিব লাগিব। অর্থাৎ ‘২৬ৰ নিৰ্বাচনৰ ৰণকৌশল এতিয়ালৈকে আমি প্রস্তুত কৰা নাই। কিন্তু নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত আমি কথা পাতিবই লাগিব। আমি এটা এটাকৈ সৰু সৰু পদক্ষেপেৰে আগবাঢ়িছোঁ। আনহাতে বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক দীঘলীয়া বুলি উল্লেখ কৰি তেওঁ কয়- হাগ্রামা মহিলাৰীৰ সৈতে মোৰ সম্পৰ্ক বহুদিনীয়া। ২০২১ চনত কিবা এটা কথাৰ কাৰণে এই সম্পৰ্কত ব্যৱধান আহিছিল। কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত আমি আকৌ লগ হ’লোঁ, কথা পাতিলোঁ, তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা চাৰে চাৰিটা বছৰ চৰকাৰ চলোৱাত বিপিএফে ফ্ল’ৰ কো-অর্ডিনেচনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছে। ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো সদায় আমাকেই ভোট দিয়ে। ময়ো হাগ্ৰামা মহিলাৰীৰ সৈতে ব্যক্তিগত সম্পর্ক বজাই ৰাখিছিলোঁ। তাৰ প্ৰতিফলন আজি সকলোৱে দেখিছে। আজিৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে নতুন দিল্লীৰ নেতৃত্বৰো পূৰ্ণ সমর্থন আছে। গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে কাম কৰি যাম।