অসম সাহিত্য সভাৰ আহমেদাবাদ শাখা সাহিত্য সভাৰ সবৰমতী কাব্য সিন্ধুৰ সফল সামৰণি

অসম সাহিত্য সভাৰ আহমেদাবাদ শাখা সাহিত্য সভাৰ সবৰমতী কাব্য সিন্ধুৰ সফল সামৰণি
কবিতা,গীত, নৃত্য,আলখ্যৰে মুখৰিত আহমেবাদনগৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাটৰ আহমেদবাদ চহৰৰ ছানখেড়াৰ অ’এনজিচিৰ কমিউনিটী হ’লত দিনযোৰা কাৰ্যসূচীৰে আহমেদাবাদ শাখা সাহিত্য সভাৰ স্নেনবন্ধন সাহিত্য আলোচনা আৰু “সৱৰমতী কাব্য সিন্ধু” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৯ বজাত শাখাৰ সভাপতি নৱ কুমাৰ বৰাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছত সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত সমূহীয়া ভাবে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।ইয়াৰপাছতে ভাষা সাহিত্যৰ উত্তৰণত প্ৰবাসী অসমীয়াৰ ভূমিকা সন্দৰ্ভত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই।অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য উত্তম কুমাৰ হাজৰিকা,যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া,উত্তৰ পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সভাপতি শ্যামলীমা বৰাই উক্ত বিষয়ত বক্তব্য ৰাখে।

ৰিম্পি বৰদলৈ আৰু প্ৰস্তুত কাশ্যপে আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে শাখাৰ সভাপতি নৱ কুমাৰ বৰাই।আহাৰ বিৰতিৰ পাছত অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনৰ সঞ্চালনাত সৱৰমতী কাব্য সিন্ধু শীৰ্ষক কবি সন্মিলনখন অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানতে দিলীপ কুমাৰ শৰ্মাৰ সম্পাদনাত “সৱৰমতী কাব্য সিন্ধু” শীৰ্ষক কাব্য সংকলন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই।কবি সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ড° ঋিষিপাল ধীমান। ডেৰকুৰি প্ৰবাসী অসমীয়াৰ কবিতাৰ কাকলিৰে আহমেদাবাদৰ অ’ এনজিচি কমিউনিটী হল উমাল হৈ পৰিল।মামনি বৰাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত , তুলসীৰ তলত চাকি জ্বলাই সকলোৱে বাপতি সাহোন কাতি বিহু উদযাপন কৰে।