প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন
ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : ড° হিমন্ত বিশ্ব শৰ্মা
ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ কেন্দ্র হ’ব প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : সুৰেশ চোনী
ৰঙিলী বাৰ্ত্তাসেৱা- প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে চন্দ্ৰপুৰ, হাজংবড়িস্থিত বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হৈ যায়। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী অধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ সমুৎকর্ষ ভৱন (সভাগাৰ) আৰু ধন্বন্তৰি ভৱন (ফাৰ্মাচী বিভাগ)ৰ উদ্বোধন কৰে। বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা, আবাস আৰু নগৰীয় কাৰ্য মন্ত্ৰী শ্ৰী আশোক সিংহল আৰু উত্তৰ পূব পৰিষদ (NEC)-ৰ সচিব শ্ৰী সতীন্দ্ৰ কুমাৰ ভল্লা উপস্থিত আছিল।ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী সদস্য মা. সুৰেশ চোনী মুখ্য বক্তা হিচাপে উপস্থিত আছিল। নিজৰ বক্তব্যত তেখেতে কয় — “ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ আৰু প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় এই মহান উদ্দেশ্যৰ দিশে আগবাঢ়ি গৈছে।”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুপ্ৰেৰণামূলক বক্তৃতাত কয় — “অসমৰ প্ৰাচীন নাম ‘প্রাগজ্যোতিষপুৰ’ৰ পৰা বিশ্ববিদ্যালয়টো নামকৰণ কৰা হৈছে। শিক্ষাৰ উদ্দেশ্য কেৱল জ্ঞান অৰ্জন নহয়, বৰঞ্চ বিশ্বকল্যাণৰ ভাবনা গঢ়ি তোলাটোহে। আধুনিক প্ৰযুক্তিগত শিক্ষাৰ লগত আধ্যাত্মিকতা আৰু মানৱতাৰ সমন্বয় অতি প্ৰয়োজনীয়।”এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ‘কৌমুদি’ নামৰ বার্তালোচনীখনৰো উন্মোচন কৰে।অনুষ্ঠানত উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিনহা, হৰিয়ানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ সভাপতি অধ্যাপক কৈলাশ চন্দ্ৰ শৰ্মা, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলি কলিতা মেধি আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (SERF)-ৰ সভাপতি লেফ্টেনেণ্ট জেনেৰেল (অবঃ) ৰাণা প্ৰতাপ কলিতাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।দেশীয় শিক্ষা পদ্ধতি আৰু মূল্যবোধ আধাৰিত শিক্ষাৰে সংপৃক্ত আৰু আঠ দশকতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট বিদ্যা ভাৰতীৰ নীতি আদৰ্শেৰে অসমত পৰিচালিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে পৰিচালিত বিদ্যা নিকেতনসমূহে গত অৰ্ধ শতিকা ধৰি বিদ্যালয়সমূহৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু নৱ প্ৰজন্মক ভাৰতীয় জ্ঞান পৰম্পৰাৰে পৰিচিত কৰাৰ লগতে দেশাত্মবোধ যুক্ত উচ্চ শিক্ষা প্ৰদানৰ অৰ্থে গত ২০২২ বৰ্ষত স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়খনে চাৰিটা বছৰত ভৰি দিছে। এই ঐতিহ্য আগবঢ়াই, ২০২২ চনত প্ৰতিষ্ঠিত প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় ভাৰতীয় জ্ঞান পৰম্পৰা আৰু দেশভক্তিত আধাৰিত উচ্চ শিক্ষা প্ৰদানৰ লক্ষ্য লৈ আগুৱাই গৈছে, যি সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP 2020)-ৰ সৈতে সঙ্গতিপূর্ণ। সমাজৰ সহায়ত নিৰ্মিত আৰু পৰিচালিত এই বিশ্ববিদ্যালয় ভাৰতীয় সংস্কৃতি, আধুনিক জ্ঞান আৰু বিশ্বমুখী দৃষ্টিভংগীৰ এক অনন্য সমন্বয় ৰূপে অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখিছে।