১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ শেখৰ-অমৃতপ্ৰভাক
ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ৷ ১৪ দিনীয়া আৰক্ষী জিম্মাৰ অন্তত শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োজনক চিআইডিয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে দুয়োজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতৰ নিৰ্দেশৰ পাছতেই দুই অভিযুক্তক ডিমা হাছাও জিলাৰ হাফলঙৰ উপ-কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে যোৱা ১৫ অক্টোবৰত প্রিয় শিল্পীৰ ৰহস্যজনক হত্যাৰ অন্যতম অভিযুক্তদ্বয় ক্রমে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ লগতে আন ৩ অভিযুক্ত ক্রমে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক নিকাছিৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু শিল্পীগৰাকীৰ অনুৰাগীয়ে ৰাজপথত কৰা তীব্ৰ প্রতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতে আৰক্ষীয়ে যথেষ্ট সতর্কতা অৱলম্বন কৰিছে। বিশাল কনভয়ৰ মাজেৰে কেইবাঘণ্টা ধৰি কটকটীয়া নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে শেখৰ-অমৃতপ্ৰভাক হাফলং উপ-কাৰাগাৰলৈ নিয়া হয়। দুই অভিযুক্তক লগত লৈ চিআইডিৰ দলটো হাফলঙত উপস্থিত হোৱাৰ পিছতে কাৰাগাৰ চৌহদৰ নিৰাপত্তাও কটকটীয়া কৰি তোলা হয়।