প্ৰাৰম্ভিক তদন্তত জুবিন গাৰ্গৰ মৃত্যুত সন্দেহজনক অস্বাভাৱিক দিশ নাইঃ ছিংগাপুৰ আৰক্ষী
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ ৰাজ্যজুৰি পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। ছিংগাপুৰ আৰক্ষীৰ মতে, প্ৰাৰম্ভিক তদন্তত শিল্পীগৰাকীৰ মৃত্যুত সন্দেহজনক অস্বাভাৱিক দিশ পোৱা নাই। ছিংগাপুৰৰ কোৰোনাৰছ আইন ২০১০ৰ অধীনত এছপিএফ অৰ্থাৎ ছিংগাপুৰ পুলিচ ফ’র্চে এই তদন্ত অব্যাহত ৰাখিছে। ছিংগাপুৰ আৰক্ষীয়ে চলাই থকা এই তদন্ত সম্পূর্ণ হ’বলৈ ৩ মাহৰ সময়সীমাৰ প্ৰয়োজন হ’ব। তদন্তৰ অন্তত সম্পূৰ্ণ প্রতিবেদন ছিংগাপুৰৰ ষ্টেট কোৰোনাৰৰ হাতত প্রদান কৰা হ’ব। উল্লেখ্য যে টেষ্ট কোৰোনাৰ হৈছে ছিংগাপুৰৰ ন্যায়িক বিষয়া। প্রতিবেদনখন ছিংগাপুৰ আৰক্ষীয়ে বিষয়াগৰাকীৰ হাতত অর্পণ কৰাৰ পাছতেই পৰৱৰ্তী ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ’ব। আনুষ্ঠানিক বিবৃতিটোত অৱশ্যে ছিংগাপুৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ মৃত্যুক লৈ অনলাইনত বহু ভুৱা অপপ্ৰচাৰ চলি থকাৰ কথাও উল্লেখ কৰি ৰাইজক তেনেধৰণৰ অপপ্ৰচাৰৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনাইছে। সমগ্র তদন্তটো সম্পূর্ণ পেছাদাৰীভাৱে কৰাৰ প্ৰতিশ্রুতি দিছে ছিংগাপুৰ আৰক্ষীয়ে।