গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিদ্যার্থী পৰিষদৰ বৃহৎ জয়

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিদ্যার্থী পৰিষদৰ বৃহৎ জয়
সভাপতি, সাধাৰণ সম্পাদকে ধৰি ৭ টা পদ এবিভিপিৰ দখল। NSUI সম্পূৰ্ণৰূপে ধূলিসাৎ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে (ABVP) বৃহৎ জয় লাভ কৰে। সকলো বিজয়ী কাৰ্যকৰ্তাক ABVP-ৰ ৰাজ্যিক সম্পাদক শ্ৰী হেৰল্ড মহনে ৰাজ্যিক কাৰ্যালয়ত স্বাগতম জনায়।বিদ্যার্থী পৰিষদৰ সভাপতি পদৰ প্ৰাৰ্থী গুঞ্জন ডেকাই ৭৫৫ ভোটৰ ব্যৱধানত জয় লাভ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি নব-নিৰ্বাচিত সভাপতি গুঞ্জন ডেকাই কয় যে, এই জয় সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ জয়। ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰবাদক বাচি লৈছে। আজি ছাত্ৰ-ছাত্ৰীসকলে বছৰজুৰি কাম কৰা প্ৰতিনিধিসকলক সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰি বিশ্ববিদ্যালয়ত কাম কৰাৰ সুযোগ দিছে, তাৰ বাবে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জনায়।নব-নিৰ্বাচিত সাধাৰণ সম্পাদক প্ৰবাল জ্যোতি শৰ্মাই AASU-ৰ প্ৰাৰ্থীক ২০৯ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ কয় যে, এইটো দ্বিতীয়বাৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যার্থী পৰিষদৰ প্ৰাৰ্থীৰ ওপৰত ভৰসা প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মুখ্য সমস্যা সমাধানৰ বাবে তেওঁলোকে কাম কৰি যাব।সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে, সংগীত সম্পাদক প্ৰতিমালিকা খানিকৰে ৪৩০ ভোটৰ ব্যৱধানত জয় লাভ কৰে। ক্ৰীড়া সম্পাদক (PG) পদত আয়ুষ গৌতমে ৯৮৫ ভোটেৰে জয়ী হয়। ক্ৰীড়া সম্পাদক (UG) পদত ভূয়াখি বৰুৱাই ১৪৯ ভোটৰ ব্যৱধানত জয়ী হয়। শৰীৰচৰ্চা সম্পাদক পুৰ্বা বৰগোহাঞি ২৫২৫ ভোটৰ ব্যৱধানত প্ৰচণ্ড জয় লাভ কৰে। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ইয়াছিন আখতাৰুল হকে পুৰ্বা বৰগোহাঞিৰ জয়ৰ সম্ভাৱনা দেখি ভয়তে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা পিছুৱাই আৰু মনোনয়নৰ পাছতে তেওঁ আন এখন ৰাজ্যলৈ গৈ সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আতৰি থাকে।বিদ্যার্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে, দিল্লী বিশ্ববিদ্যালয়, JNU, হাইদৰাবাদ কেন্দ্রীয় বিশ্ববিদ্যালয়, পাঞ্জাব বিশ্ববিদ্যালয়ৰ দৰে অসমৰ Gen-Z-ও ৰাষ্ট্ৰবাদৰ সৈতে থিয় হৈ আছে। ছাত্ৰ-যুৱকক উত্তেজিত কৰি দেশত বিশৃঙ্খলা সৃষ্টি কৰি ক্ষমতা দখলৰ সপোন দেখা কংগ্ৰেছ আৰু NSUI সম্পূৰ্ণৰূপে উৎখাত হৈছে। সমগ্ৰ অসমৰ ছাত্ৰ-সমাজে আজি এই সংগঠনটোৰ প্ৰকৃত চৰিত্ৰ জানিবলৈ সক্ষম হৈছে। গোৱালপাৰা কলেজত NSUI-ৰ দ্বাৰা এটা ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাই সমগ্ৰ অসমক কঁপাই তুলিছিল। এনে শক্তিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যোগ্য প্ৰত্যুত্তৰ দিয়ে।বিগত বছৰৰ ১৮ মাৰ্চত CAA বিৰোধি প্ৰতিবাদৰ নামত মা কামাখ্যা আৰু লাচিত বৰফুকনৰ ছবি জ্বলাই অসমীয়া সংস্কৃতিৰ অপমান কৰা শক্তিকো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ উচিত উত্তৰ দিয়ে।বিদ্যার্থী পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ UG ছাত্ৰ-ছাত্ৰীৰ ভোটাধিকাৰৰ বাবে দীঘলীয়া সংগ্ৰাম চলাই আহিছিল, যাৰ ফলস্বৰূপ প্ৰথমবাৰৰ বাবে UG ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ লাভ কৰে।