সকলো দিশতে ব্যৰ্থ মুখ্যমন্ত্ৰী
বাক্সাৰ ঘটনাৰ বাবে চৰকাৰ দায়ী — আপ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্ত আছামীকেইটাক কাৰাগাৰলৈ নিয়া সময়ত সংঘটিত ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক জগৰীয়া কৰিছে আম আদমি পাৰ্টী (আপ), অসম য়ে৷ এক প্ৰেছ বিবৃতিত আপ, অসমৰ নেতা ৰাজীব শইকীয়াই ক্ষোভেৰে কয়, অসমৰ ৰাইজ এতিয়া ক্ষোভত আছে, নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত অবিহনে ৰাইজ ক্ষান্ত নহয় ৷ এনে সময়ত অভিযুক্তসকল ক্ষোভৰ সন্মুখীন হ’ব বুলি জানিও গৃহ বিভাগে প্ৰয়োজনীয় পদক্ষেপ হাতত নল’লে, যাৰ বাবে বাক্সাত আজি ৰক্তপাত হ’ল ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব মূৰ পাতি ল’ব লাগে বুলি দাবী জনাইছে আপৰ নেতা ৰাজীব শইকীয়াই ৷ তেখেতে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটন কৰাত ৰাইজে চৰকাৰৰ পৰা যেনেধৰণেৰে তদন্ত আশা কৰিছিল সেয়া হৈ নুঠিল ৷ ঘটনা সংঘটিত হোৱা দেশ ছিংগাপুৰলৈ অসম আৰক্ষী যাব নে নাযাব সেয়া আজিও স্পষ্ট নহ’ল ৷ ‘এ’ ফৰ ‘’আছাম’ বুলি বক্তব্য শুৱনি কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আজি ছিংগাপুৰলৈ আৰক্ষী প্ৰেৰনৰ ক্ষেত্ৰত ব্যৰ্থ নেকি ? নে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ ছিংগাপুৰত তদন্ত চলাবলৈ ইচ্ছ্যুক নহয় ? ইয়াৰ উত্তৰ ৰাইজক দিব লাগিব বুলি ৰাজ্য চৰকাৰক সঁকিয়নি দিছে আপৰ ৰাজ্যিক নেতাজনে ৷ ৰাইজে বিচৰা ধৰণেৰে তদন্ত আগবঢ়াই নিব লাগিব ৷ নৰ্থ ইষ্ট ফেষ্টিভেল চৰকাৰী পৃষ্ঠপোষকতাত অনুস্থিত হৈছিল ৷ গতিকে ফেষ্টিভেলৰ আয়োজক সকল যিমান জগৰীয়া আৰ্থিক সাহাৰ্য আগবঢ়োৱা চৰকাৰী পক্ষ কোনো গুণে কম জগৰীয়া নহয় ৷ গতিকে সকলো পক্ষ তদন্তৰ আওতালৈ আহিব লাগিব বুলি দাবী জনাইছে আম আদমি পাৰ্টী, অসম য়ে ৷ আজিৰ বাক্সাৰ ঘটনা চৰকাৰৰ সামগ্ৰীক ভুলৰ বাবেই সংঘটিত হ’বলৈ পালে বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷
