বাক্সাৰ ঘটনাৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- বাক্সাত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতি অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰোচিত আক্ৰমণক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। গৃহ বিভাগৰ চোৰাংচোৱা বিভাগৰ ব্যৰ্থতাৰ বাবেই সংঘটিত হ’ল এই ঘটনা। জনতাৰ ক্ষোভ আৰু বেদনাগ্ৰস্ত হৃদয়ৰ হাহাকাৰ অনুভৱ কৰিব নোৱৰাটো বিয়াগোম চৰকাৰ আৰু অভাৰস্মাৰ্ট মুখ্যমন্ত্ৰীগৰাকীৰ বাবে লজ্জাজনক বিষয়। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আজি অসমীয়া যুৱকে তেজ দিবলগীয়া হৈছে। কিয়? এই পৰিস্থিতিলৈ সমগ্ৰ বিষয়টোক কোনে লৈ গ’ল? ইয়াৰ দায়িত্ব কোনে ল’ব? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিবই লাগিব। প্ৰথমৰ পৰাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু তদন্ত প্ৰক্ৰিয়াক লৈ জনমতক গুৰুত্ব নিদি সমগ্ৰ বিষয়টোক বিভ্ৰান্ত আৰু ধূসৰ কৰি দিছে চৰকাৰে।মহানায়ক জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বাবে আমি সকলোৱে গণতান্ত্ৰিক পন্থাৰে অগ্ৰসৰ হ’ব লাগিব। আমি সকলোকে সবিনয়তাৰে শান্তি-শৃংখলা আৰু গণতান্ত্ৰিক পদ্ধতিৰে ন্যায় দাবীৰ অধিকাৰৰ বাবে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। আজিৰ এই পৰিস্থিতিত সাংবাদিক আৰু আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে। এয়া দুৰ্ভাগ্যজনক। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত এনে অবাঞ্চিত ঘটনা ঘটিবলগীয়া ঘটিল কিয়, সেয়া ৰাইজে ইতিমধ্যেই বুজি পাইছে। মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ- ৰাজনীতিৰ পাশা খেলিবলৈ অন্য বহু বিষয় আপোনাৰ হাতত আছে। অন্ততঃ জুবিন গাৰ্গৰ মৃত্যুৰ আৱেগক ৰাজনীতিৰ পৰা ৰেহাই দিয়ক।