তেজপুৰত পৰিয়ালসহ সাংবাদিক সন্ধানহীন

তেজপুৰত পৰিয়ালসহ সাংবাদিক সন্ধানহীন
মিডিয়া এছ’চিয়েছন, অসমৰ উদ্বেগ প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰৰ জেষ্ঠ সাংবাদিক মৃণাল শৰ্মাৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ কল্পনা বৰকটকী আৰু বাস্তৱ মধুকল্য যোৱা ২৯ চেপ্টেম্বৰৰ পৰা নিজ বাসগৃহ মাজগাঁৱৰ খৰাআটী শালিকাটিকাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাত মিডিয়া এছ’ছিয়েশ্যন, অসম চমুকৈ “মাই” উদ্বেগ প্ৰকাশ কৰে ৷ যোৱা ২৯ চেপ্টেম্বৰৰ পৰা নিখোজ হৈ থকা সাংবাদিকসহ তেওঁৰ পৰিয়ালৰ লোকৰ সন্ধানহীনৰ বিষয়ে তেজপুৰ আৰক্ষীক লিখিতভাৱে অবগত কৰাৰ পিছতো আজিলৈকে শুংশুত্ৰ উলিয়াৱ নোৱাৰাত মিডিয়া এছ’চিয়েছন, অসমে গৰিহনা দিয়ে৷ সংগঠনটোৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই অসম অৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতিশীঘ্ৰে সাংবাদিক মৃণাল শৰ্মাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য কেইজনৰ সন্ধান উলিয়াই উদ্ধাৰ কৰিবলৈ দাবী জনায়৷