স্মাৰ্টফোন – সবিতা বেগম 

Pc UCHealth

স্মাৰ্টফোন

সবিতা বেগম 
বৰপেটা

 সৎ সংগয় স্বৰ্গ বাস,অসৎ সংগয় নৰক বাস। কথাষাৰ একেবাৰেই সত্য,ডাঙৰ ল’ৰা ৰমেশৰ লিখা পঢ়াত খুবেই ভাল, ডক্টৰ হোৱাৰ সপোন, এইচ এছ পৰীক্ষাত প্ৰথম স্থান দুটাত লেটাৰ সহ উৰ্ত্তীণ হ’ল। কলেজত যোৱাৰ পৰাই স্মাটফোনৰ খুবেই প্ৰ‌য়োজন, ফোন লাগিবয় লাগিব। ক’ত ইমান টকা দৰ্জাৰ সন্মূখত হাজাৰ সমস্যা‌য় সমস্যা। অসুস্থ দেউতাক ঘৰত, সৰু ভন্টি নমিতা ফেচবুক প্ৰেমিকৰ সতে পলাই গৈছিল বিয়াত বহিবলৈ কিন্তু প্ৰতাৰণা কৰি বিক্ৰী  কৰিব লৈছিল কোনোমতে জীৱনটো উদ্ধাৰ…..। বিয়াৰ গহনা বিক্ৰী কৰি মাকে প্ৰয়োজন বুলি কিনি দিলে আই ফোন।  হয়তো এদিন ল’ৰাটো ডাঙৰ মানুহ হ’ব বুলি। হয়তো সিদিনা আৰু কোনো দুঃখ কষ্ট নাথাকিব…..।

ভালেই চলিল বছৰ ছয়মাহ। এতিয়া ল’ৰাটো কাৰো লগত বেছি কথা নকয় মন মাৰি থাকে, যেন খুবেই অসুস্থ, দামি আই ফোনটো হাতত নাই,,, হাতত পুৰণি মোবাইল ফোন এটা। ঘৰৰ টকা পইচা বয় বস্তু চোৰ কৰি বিক্ৰী কৰি দিয়ে,গোটেই ৰাতি বন্ধু বান্ধবৰ সৈতে বাহিৰত থাকে। মাকে এদিন বিছনাত ড্ৰাগছ ,মদৰ বটল…. আদি পালে মাজে সময়ে বিড়ি,চিগাৰেট খাবলৈ দেখা পোৱা যায়, কিবা ক’লে বন্ধু বৰ্গক  দেখুওৱায়। মাকে পূৰ্ণিমাৰ জোনৰ আশাত অমাৱস্যাত লুতুৰি পৰিলে….। অৱশেষত জানিব পাৰিলে প্ৰেমৰ পৰিনতি,ছলনাময়ীৰ ফান্দত পৰি বিশ্বাস কৰি আপোন ভাবি জীৱনৰ আশাৰ বাতি নুমাই, ৰঙা বাতি হে জ্বলালে, ছোৱালী জনী বোলে বেলেগ ল’ৰা এটাক ভাল পায়, টকা-পইচা লুটি-পুটি খাই এতিয়া যোগাযোগ বন্ধ কৰি দিছে। ছোৱালী এজনীক বহুত বহুত ভাল পাইছিল সেয়ে পাহৰিবলৈ মাদক সেৱন এতিয়া অভ্যাসত পৰিণত অসহ্যত এতিয়া জীৱনৰ ঘন্টা বাজি গ’ল।

ডক্টৰৰ ওচৰত লৈ যোৱাত ভিন্ন পৰিক্ষাৰ জৰিয়তে জানিব পৰা গ’ল অত্যন্ত মাদক দ্ৰব্য সেৱনৰ ফলত কিডনী এটা নষ্ট হৈ গৈছে। ঘৰত যিখিনি সম্বল আছিল সকলো খিনি বিক্ৰী কৰি মেডিকেলত ভৰ্তি কৰালে অলপ সুস্থ হ’ল যদিও কপালে পিছ এৰি নিদিলে, নতুন মায়াবিনী আকৌ দ্বিভাগ ৰাতি দৰ্জা খটখটালে ফেচবুকত, প্ৰেমৰ জাল পাতি আৱদ্ধ কৰিলে মা‌য়াত। ছমাহ মান পাছত প্ৰেমৰ ছলনা কৰি টানি নি  কু-কৰ্মত  লিপ্ত কৰালে আৰু কেইমাহমান পাছতে অন্তঃসত্তা বুলি অধিকাৰৰ দাবী জনালে, মান্তি নোহোৱাত পুলিচ লৈ আহি দহ লাখ টকাৰ দাবী জনালে, ৰমেশ মান্তি নোহোৱাত ধৰি লৈ জেলত বন্দী কৰিলে…..। অৱশেষত জানিব পৰা গ’ল ছোৱালী জনী ডিভোৰ্চী দুটি সন্তানৰ মাক মধু চক্ৰৰ সৈতে জড়িত…..।