১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ আৰম্ভ হৈছে ডিজিটেল আন্দোলন। ইফালে পুনৰ সামাজিক মাধ্যমত প’ষ্ট দিলে গৰিমা শইকীয়া গাৰ্গে।  গৰিমা শইকীয়া গার্গে আজি  সামাজিক মাধ্যমত ১০ দিনৰ ভিতৰত আপোন মানুহজনৰ ন্যায়ৰ দাবী তোলে। গৰিমাই ফেচবুকত ‘হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ’ লিখি ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে। গৰিমা শইকীয়া গার্গে সামাজিক মাধ্যমত জনোৱা এই দাবীৰ প্ৰতি সঁহাৰি জনাই বহু লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। শেহতীয়াকৈ ২ দিন পূর্বে গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিনৰ সমাধিস্থলীত উপস্থিত হৈ আপোন মানুহজনৰ ন্যায়ৰ যুঁজখন চলাই নিবলৈ ৰাইজক আহ্বান জনাইছিল। প্ৰাণৰ শিল্পীগৰাকীৰ এই ন্যায়ৰ যুঁজখনত সৰ্বস্ব উজাৰি দিয়াৰ কথা জুবিন অনুৰাগীয়ে প্ৰকাশ কৰি আহিছে।  উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৫টা দিনৰ পিছত অসমত উপস্থিত হ’ল আন তিনি প্রৱাসী অসমীয়া। ইয়াৰ আগেয়ে ৰূপকমল কলিতা নামৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াজনে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ জেৰাৰ সন্মুখীন হৈছিল। চিআইডি কার্যালয়ত আজি হাজিৰ হোৱা ৩ প্ৰৱাসী অসমীয়া হ’ল জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধার্থ বৰা। তদুপৰি শীঘ্ৰে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব আন দুই প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, দেৱজিত হাজৰিকাও। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ সৈতে য়াট পার্টীত আছিল এই ৫ প্ৰৱাসী অসমীয়া।