তেজপিয়া – মিতালি বৰঠাকুৰ

Pc wap.shookaa.com

তেজপিয়া

মিতালি বৰঠাকুৰ ,মালিগাওঁ

এওঁলোক সমাজৰ , দেশৰ তেজপিয়া
যি ৰুগ্ন মানসিকতাত আক্ৰান্ত
যাৰ মগজুৰ ভিতৰত হাজাৰ বিষাক্ত পোকে
কিলবিলাই থাকে
কোন সময়ত কাক দংশন কৰে
তাৰ কোনো ঠিকনা নাই
মুখাপিন্ধা বৰ আসনত বহি
জাতিক প্ৰতিনিধিত্ব কৰিব বিচৰা এওঁলোক
দুস্কৃতি ,অমানবীয়তাৰ দুৰ্গন্ধৰে পৰিপূৰ্ণ একোটা সমাজৰ বিষাক্ত কীট
আনৰ তেজ শুহি শুহি শিৰ উচ্চ কৰি
দপদপাই ফুৰে এইজাক তেজপিয়া
যাৰ পদধ্বনি মানুহে শুনা নাপায়
কিয়নো , তেওঁলোকৰ মুখৰ আঁৰত থাকে
আন এখন ভদ্ৰতাৰ মুখ
তেজপিয়াৰ দৰেই ৰং সলাই বিচৰণ কৰে
ভদ্ৰ সমাজত
ক্ষন গণে মাথোঁ সুযোগ বিচাৰি।